চুনিতা ওৰাং

পোন প্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম শ্ৰীমতী চুনিতা ওৰাং। পিতৃ শ্ৰী চনিচৰহা ওৰাং, মাতৃ শ্ৰীমতী আটোৱাৰী ওৰাং। মোৰ ঘৰ শোণিতপুৰ জিলাৰ মাজৰহোলা গাঁৱত।


মই মোৰ জীৱনত ঘটা কিছুমান ঘটনা উল্লেখ কৰিব বিচাৰিছোঁ। মই এজনী দুখীয়া ঘৰৰ ছোৱালী আৰু মোৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া। নিতৌ হাজিৰা কৰিলেহে ঘৰখন কোনোমতে চলে। মই বহুত কষ্টৰে ডাঙৰ দীঘল হ'লোঁ। মই পাঁচ বছৰ বয়সতে স্কুলত ভৰি দিছিলোঁ। মোৰ মা, দেউতা অশিক্ষিত, পঢ়া শুনাৰ বিষয়ে একো জ্ঞান নাছিল। তথাপিও স্কুল যাবলৈ কৈছিল। মই গাঁৱৰ দাদা, বাইদেউ সকলক স্কুললৈ যোৱা দেখিলে মই তেওঁলোকৰ পিছে- পিছে ওলাই গৈছিলোঁ। এনেকৈয়ে প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণী পাৰ হৈ গ'ল। চতুৰ্থ শ্ৰেণীত ভৰি দিছিলোঁহে, এনেতে এদিন গাঁৱৰ মানুহ এজনে আহি মোৰ মাক ক'লে যে আপোনালোকৰ খোৱা- বোৱাৰ বৰ কষ্ট হয়, এনেকুৱা হাজিৰা কৰি আৰু কিমান দিন চলিব, গুৱাহাটীত মানুহ এঘৰত কাম কৰিবলৈ ছোৱালী এজনী লাগে, যদি আপোনালোকৰ অনুমতি হয় তেন্তে মই ছোৱালীজনীক তাত নি থৈ আহিম। ছোৱালীজনীয়ে তাত কাম কৰিলে আপোনালোকে ঘৰতে থাকি পইছা পাব আৰু আপোনালোকৰ বেছি কষ্ট নহ'ব। সেই মানুহজনৰ কথা শুনি মোৰ মা, দেউতাই মোক মানুহজনৰ ঘৰত কাম কৰিবলৈ পঠিয়ালে। এনেকৈয়ে মানুহজনৰ ঘৰত মই কাঁহী- বাটি, কাপোৰ- কানি ধুই তিনি বছৰ থাকিলোঁ। মই তেওঁলোকৰ ল'ৰা- ছোৱালীয়ে স্কুললৈ নিবলৈ টিফিনো বনাইছিলোঁ। কেতিয়াবা মই তেওঁলোকৰ ল' ৰা- ছোৱালীক স্কুললৈ যাবলৈ বাছত উঠাবলৈ আৰু ঘূৰি অহাৰ সময়ত বাছ ষ্টেণ্ডৰ পৰা আনিবলৈ গৈছিলোঁ। মোৰ মনটো তেওঁলোকৰ লগতে স্কুললৈ উৰা মাৰিছিল আৰু মই স্কুললৈ যোৱাৰ সপোন দেখিছিলোঁ। সেই সময়ত মোৰ বয়স আছিল সাত বছৰ। এনেতে এদিন মোৰ ঘৰলৈ যাবলৈ বৰ মন গ'ল। মই বাইদেউ গৰাকীক ক'লোঁ যে মই মোৰ মা, দেউতাক এবাৰ চাবলৈ বিচাৰিছোঁ, তেওঁলোকলৈ বৰ মনত পৰিছে। তেতিয়া তেওঁ মোক যাবলৈ অনুমতি দিলে আৰু মই ঘৰলৈ গ'লো। মোৰ মনত আছে তেতিয়া দেৱালীৰ সময় আছিল। এনেকৈয়ে বহু সপ্তাহ পাৰ হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যেন মই সকলো বন্ধনৰ পৰা মুক্ত হ'লোঁ। সেই কাম কৰা মানুহজনৰ ঘৰলৈ উভতি যাবলৈ মন নোযোৱা হ'ল। মই মোৰ মাক ক'লোঁ, মা মই আৰু তালৈ নাযাওঁ, মই স্কুল পঢ়িম, মোৰ লগৰ সমনীয়াবোৰ স্কুললৈ যায়, মোৰো স্কুল পঢ়িবৰ মন যায়। তেতিয়া মায়ে মোৰ কথাবোৰ বুজি পালে আৰু মোক তালৈ যাবলৈ নিদিলে আৰু স্কুল পঢ়িব দিলে।

এনেকৈয়ে মই পুনৰ স্কুললৈ যাবলৈ আৰম্ভ কৰিলোঁ। এনেকৈয়ে কেইবাদিনো স্কুললৈ গ'লোঁ আৰু এনেতে এদিন মোক ছাৰে অফিচলৈ মাতি কিছুমান প্ৰশ্ন সুধিলে আৰু মই সেই প্ৰশ্নৰ সকলো উত্তৰ বৰ সুন্দৰকৈ দিলোঁ কিয়নো মই সৰুতে যি পঢ়িছিলোঁ সেইবোৰ মই ভালদৰে মনত ৰাখিব পাৰিছিলোঁ। ছাৰে মোক সুধিলে যে তুমি পঢ়া- শুনা ত ইমান ভাল কিন্তু স্কুললৈ অহা নাছিলা কিয়। তেতিয়া মই সকলো ঘটনা ভাঙি- পাতি ক'লোঁ। সেই সময়ত সৰ্বশিক্ষা আছিল আৰু এতিয়াও আছে আৰু ছাৰে মোক ক'লে যে তুমি যদি অলপ চেষ্টা কৰা তেনেহ'লে তুমি ভালকৈ পাছ কৰি যাব পাৰিবা। এনেকৈয়ে মই চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ শ্ৰেণী পাৰ কৰিলোঁ। তাৰ পিছত সপ্তম শ্ৰেণীত নাম ভৰ্তি কৰিলোঁ। এনেকৈয়ে মই যেতিয়া অষ্টম শ্ৰেণীত পালোঁ তেতিয়া মোক স্কুললৈ যাবলৈ ভাল সাজ- পোচাকৰ প্ৰয়োজন হ'ল। মই ভাবিলোঁ যে স্কুললৈ যাবলৈ ভাল কাপোৰ এযোৰ লাগে, কিতাপ পত্ৰ ভৰাবলৈ ভাল বেগ লাগে, স্কুললৈ পিন্ধি যাবলৈ ভাল চেণ্ডেল এযোৰ লাগে, কিন্তু সেইবোৰ কিনি দিবলৈ মোৰ মা- দেউতাৰ ক্ষমতা নাছিল, যেনে তেনে খোৱা খাদ্যৰ যোগাৰ কৰিব পাৰিছিল। পাছত মই অলপ জনা- শুনা হ'লোঁ কিছুমান কথা ভাবিলোঁ যে ক' ত পাম ইমান টকা পইচা আৰু কেনেকৈ স্কুলত পঢ়িম। তাৰ পাছত মই ভাবিলোঁ যে বেলেগৰ ঘৰত যদি মই হাজিৰা কৰোঁ তেন্তে মই পইচা গোটাব পাৰিম আৰু সেই পইচাৰে মই মোৰ স্কুলৰ সামগ্ৰীবোৰ কিনিব পাৰিম আৰু মই জুলাই মাহৰ গৰম বন্ধত হাজিৰা কৰিলোঁ আৰু এনেকৈয়ে মই মোৰ অষ্টম, নৱম, দশম শ্ৰেণী পালোঁ আৰু মোৰ মেট্ৰিক দিয়াৰ দিয়াৰ সময় ওচৰ চাপিল। মই ইমান ভালকৈ জনা নাছিলোঁ যে কেনেকৈ পঢ়িলে ভাল ফলাফল হ'ব। এনেতে এদিন মই মোৰ মামাৰ ঘৰলৈ থাকিবলৈ গ'লোঁ। তেতিয়া মোক মামা- মামী দুয়ো সুধিলে যে তোমাৰ পঢ়া- শুনা কেনে চলিছে। তেতিয়া মই ভাল বুলিয়ে ক'লোঁ। এনেতে মামা- মামীহঁতে ক'লে, পঢ়িব নোৱাৰা যদি ইয়ালৈকে আহিবা, তোমাৰ বাইদেউহঁতে পঢ়াই দিব, মেট্ৰিকটো ভালকৈ পাছ কৰিব পাৰিবা, সেই কথা শুনি মই ভাবিলোঁ যে হয়, মই ইয়াতে আহি পঢ়িলে ভাল হ'ব। মই মামাৰ ঘৰতে থাকিলোঁ আৰু তাৰ পৰাই মেট্ৰিক পৰীক্ষা দি পাছ কৰিলোঁ। ভাবিলোঁ ইমানে পঢ়িম আৰু নপঢ়োঁ। কিন্তু লগৰ সমনীয়াবোৰক দেখি মোৰ আৰু পঢ়িবলৈ মন গ'ল। সকলোৱে মোক সুধিলে যে মেট্ৰিকটো পাছ কৰিলা এতিয়া কি কৰিবা। তেতিয়া মই একো উত্তৰ দিব নোৱাৰা হৈ গ'লোঁ আৰু মনতে থিৰাং কৰিলোঁ যে একাদশ আৰু দ্বাদশ শ্ৰেণীটো পঢ়িম। মই সোণালী জুনিয়ৰ কলেজত নাম ভৰ্তি কৰিলোঁ, নাম ভৰ্তিৰ মাছুল আছিল তিনি হাজাৰ তিনিশ। মোৰ হাজিৰা আৰু মা- দেউতাৰ হাজিৰা মিলাই মই সেই মাছুল দিছিলোঁ।

এনেকৈয়ে কলেজলৈ যাওঁ আৰু বন্ধৰ দিনত হাজিৰা কৰোঁ, নকৰিলে নহয় কাৰণ হাজিৰা নকৰিলে কলেজৰ মাহিলী পইচা দিব নোৱাৰিম। সেয়ে হাজিৰা কৰি কৰিহে মাহিলী মাছুল দিছিলোঁ। মাহিলী মাছুল আছিল তিনিশ পঞ্চাছ টকা। এনেকৈয়ে বহু কষ্টৰে পঢ়ি একাদশ আৰু দ্বাদশ শ্ৰেণী পাৰ কৰিলোঁ। আৰু পঢ়িবলৈ মন আছিল কিন্তু পইছাৰ অসুবিধাৰ কাৰণে পঢ়িব নোৱাৰিলোঁ। ইমান পঢ়িব পৰা ক্ষমতা মোৰ হাতত নাছিল কাৰণ কলেজত পঢ়িবলৈ বহুত টকাৰ প্ৰয়োজন হয়। সেয়ে মই ভাবিলোঁ যে ইমানে পঢ়িম আৰু সিমানতে মই মোৰ পঢ়া সমাপ্ত কৰিলোঁ।

এবছৰৰ পিছত মই মোৰ অঞ্চলৰ ছোৱালীবিলাকক বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰম কৰা দেখিলোঁ। মই এই বিষয়ে অনুসন্ধান কৰিলোঁ। আৰু মই পুনৰ পঢ়াৰ সিদ্ধান্ত ল'লোঁ আৰু পূৰ্বাঞ্চল সেৱা ধাত্ৰী পাঠ্যক্ৰমত নামভৰ্তি কৰিলোঁ। ই ১৮ মহীয়া এটা নাৰ্চিং পাঠ্যক্ৰম। মই ২০২০ চনৰ জানুৱাৰী মাহত নামভৰ্তি কৰিছোঁ। মই দুমাহ পাঠদান গ্ৰহণ কৰিলোঁ। মই এই পাঠ্যক্ৰম ভাল পাইছোঁ আৰু ইয়াত আমাক ৰোগীৰ শুশ্ৰূষা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ শিকায়। লকডাওনৰ বাবে এতিয়া পাঠদান বন্ধ হৈ আছে। দুমাহৰ পৰা মই ঘৰতে আছোঁ। এতিয়া মই খেতি পথাৰত দিন হাজিৰা কৰিবলৈ লৈছোঁ আৰু ভৱিষ্যতৰ বাবে ধন সঞ্চয় কৰিছোঁ।