চাহ বাগিছাৰ ছোৱালীৰ মাজত খেল

২০১২ চনৰপৰা পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসে চাহ বাগিচাত শিক্ষাৰ বিকাশৰ হকে কাম কৰি আহিছে। শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীক আকৃষ্ট কৰিবলৈ খেলা-ধূলাৰ ক্ষেত্ৰতো গুৰুত্ব দি আহিছে। আমি দেখিছোঁ যে চাহ বাগিছাৰ ল'ৰা- ছোৱালীৰ মাজত প্ৰতিভাৰ অভাৱ নাই। অভাৱ আছে সুযোগ, সুবিধা, সঠিক নেতৃত্ব আৰু উপযুক্ত পৰিৱেশৰ।

এই আটাইকেইটা দিশৰ ওপৰত গুৰুত্ব দিয়ে ২০১৮ চনত তিনিচুকীয়া জিলাৰ টঙনা গাঁও চাহ বাগিচাত প্ৰথমবাৰৰ বাবে ফুটবল আৰু হকী খেলৰ আৰম্ভণি কৰা হয়। প্ৰায় পোন্ধৰ বছৰৰ ব্যৱধানৰ অন্তত টঙনা গাঁও চাহ বাগিচাত পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ উদ্যোগত আৰু টঙনা গাঁও চাহ বাগিচাৰ সহযোগত আন্তঃলাইন ফুটবল টুৰ্ণামেণ্ট প্ৰথমবাৰৰ বাবে সফলতাৰে অনুষ্ঠিত কৰা হয়। সেই খেলত দুটা মহিলা ফুটবল দলেও অংশগ্ৰহণ কৰে।

সেই সময়তে এটা মহিলা হকী দলো গঠন কৰা হয়। ফুটবল আৰু হকীৰ অসম চেম্পিয়ন সুমিত্ৰা শেনছোৱা আৰু শিৱা তাঁতীয়ে প্ৰশিক্ষণ প্ৰদান কৰি হকী দলটো গঠন কৰিছিল। টঙনা-কাকপথাৰ হকী একাডেমী নামেৰে এটা সংস্থাও প্ৰতিষ্ঠা কৰা হয়। এই সংস্থাৰ জৰিয়তে হকী দলটোৱে তিনিচুকীয়া আৰু নগাঁৱত অনুষ্ঠিত ৰাজ্যিক ভিত্তিৰ খেলত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে হকী আৰু ফুটবল এই দুয়োটা দল গঠন কৰা সময়ত আমি দেখিছিলোঁ যে প্ৰশিক্ষণৰ সময়ত বা খেল খেলিবৰ সময়ত যেতিয়া প্ৰশিক্ষকে জাৰ্চি, জোতা, মোজা, গাৰ্ড, ষ্টিক আদি প্ৰাথমিক বস্তুকেইপদ ল'বলৈ কৈছিল, সেইখিনি বস্তু বেছি ভাগ ল'ৰা ছোৱালীয়েই সংগ্ৰহ কৰিব পৰা নাছিল। আনকি জোতা মোজা যোৰকে গোটাব পৰা নাছিল। হকী খেলৰ প্ৰশিক্ষক শিৱা তাঁতীয়ে জিলা ক্ৰিড়া অফিচৰ পৰা পুৰণা ষ্টিক যোগান ধৰি প্ৰশিক্ষণ আৰম্ভ কৰিছিল। নগাঁও জিলাত হোৱা হকী খেলত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়ত পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসে ১৬ জন খেলুৱৈৰ জাৰ্চী ক্ৰয় কৰিবৰ বাবে ৬০০০/ টকাৰ এটা পুঁজি যোগান ধৰিছিল। সেই সময়তে হকী টিমটোক উৎসাহিত কৰিবৰ বাবে পূৰ্ব ভাৰতীয়ে এটা পুঁজি গঠনৰ প্ৰচেষ্টা হাতত লৈছিল।

টঙনাৰ পৰা নগাঁৱলৈ খেলিবলৈ যাব পৰাটো খেলুৱৈ সকলৰ বাবে এক মধুৰ অভিজ্ঞতা আছিল বুলি জয়াহঁতে বৰ্ণনা কৰিছিল। তেওঁলোক প্ৰথমবাৰৰ বাবে তিনিচুকীয়াৰ বাহিৰৰ জিলাত খেলিবলৈ গৈছিল। আনকি ১৬ জনীয়া দলটোৰ বেছিভাগেই তিনিচুকীয়া ৰেল ষ্টেচনটোও প্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছিল।

সেই টুৰ্ণামেণ্টখনৰ পিছৰ পৰাই খেলৰ পৰিৱেশ এটা গঢ়ি উঠে। লাইনৰ মাজত থকা খেলপথাৰ বোৰত খেলৰ অনুশীলন কৰা দেখিবলৈ পোৱা গ'ল। বাগিচা কৰ্তৃপক্ষইও খেলৰ প্ৰতি গুৰুত্ব দিয়া দেখা গৈছে।


২০২০ চনৰ ফেব্ৰুৱাৰী মাহত চামং কোম্পানীৰ বাগিচা সমূহৰ মাজত দাৰ্জিলিঙত অনুষ্ঠিত মহিলা ফুটবল প্ৰতিযোগিতাত টঙনা চাহ বাগিচাৰ জয়াহঁতৰ দলটোৱে দ্বিতীয় স্থান অধিকাৰ কৰি সমগ্ৰ বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।


২০১৯ চনত ফ্ৰিজবি খেলৰো আৰম্ভণি কৰা হয়। ফ্ৰিজবি খেলৰ লগত পৰিচয় হোৱাটো আছিল আমাৰ কাৰণে এক অপ্ৰত্যাশিত ঘটনা। সেইদিনা আছিল আৰটি ই ফৰাম, অসমৰ প্ৰথমখন বৈঠক। পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ তত্বাৱধানত বৰ্তমান অসমৰ তিনিখন চাহ বাগিচাত ছোৱালীৰ শিক্ষাৰ ওপৰত এটা প্ৰকল্পৰ কাম চলি আছে। শিক্ষাৰ লগত খেলৰ ওতঃপ্ৰোত সম্বন্ধ আছে। বাগিচাৰ ছোৱালীবিলাকক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰসঙ্গত হোৱা আলোচনাৰ মাজতে দি এণ্ট অনুষ্ঠানটোৰ সঞ্চালিকা জেনিফাৰ লিয়াঙে চাহ বাগিচাত ফলপ্ৰসু হ'ব পৰা আলটিমেট ফ্ৰিজবী গেম সম্পৰ্কে বক্তব্য উত্থাপন কৰে। তেওঁ ইতিমধ্যে বিটিচি এলেকাত জনপ্ৰিয় হৈ উঠা খেলখনৰ এটা ভিডিঅ' প্ৰদৰ্শন কৰি দেখুৱায় আৰু ইয়াৰ প্ৰাসঙ্গিকতা বৰ্ণনা কৰে। ফ্ৰিজবি শব্দটোও উপস্থিত সকলোৱে প্ৰথমবাৰৰ বাবে শুনিছিলোঁ। খেলখনৰ প্ৰতি আমি সকলোৱে আগ্ৰহ প্ৰকাশ কৰিছিলোঁ। তাৰেই ফলশ্ৰুতিত যোৱা ২০১৯ চনৰ অক্টোবৰ মাহত দি এণ্টৰ পৰা অহা তিনিজনীয়া

প্ৰশিক্ষকৰ তত্বাৱধানত তিনিচুকীয়া জিলাৰ বিছাকুপি বাগিচাৰ এডুকেশ্যন প্ৰমোটাৰ আৰু ইচ্ছুক খেলুৱৈৰ ৪০ জনীয়া এটা দলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ল। দ্বিতীয় পৰ্যায়ত চাৰিজন খেলুৱৈয়ে দি এণ্টৰ উদ্যোগত চিৰাঙত মাষ্টাৰ ট্ৰেইনিং কৰিবলৈ যায়। এই মাষ্টাৰ ট্ৰেইনিঙৰ দলটোত আছিল তিনিজনী ছোৱালী আৰু এজন ল'ৰা। তৃতীয় পৰ্যায়ত তিনিজন পৰ্যবেক্ষক আহি বিছাকুপিৰ খেলুৱৈ সকলৰ খেল পৰ্যবেক্ষণ কৰে আৰু কিছু কৌশলৰ প্ৰশিক্ষণ দিয়ে। গটঙা চাহ বাগিচাতো ফ্ৰিজবি খেলৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে।

এয়া হৈছে বিগত তিনিবছৰৰ পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ খেল সম্বন্ধীয় ইতিহাস।

আমি কেইগৰাকীমান খেলুৱৈৰ জীৱন কাহিনী তলত বৰ্ণনা কৰিলোঁ।

১) জয়া লাক্ৰা, ২২ বছৰ

পিতা - ঁঁ জেৰম লাক্ৰা

মাতৃ - ফিলিচিতা লাক্ৰা

ঠিকনা - টঙনা গাঁও চাহ বাগিচা

চাহ বাগিচাৰ দৈনন্দিন জীৱনৰ মাজতে জয়া ডাঙৰ হৈছিল। জয়াৰ পিতৃ-মাতৃ বাগানৰে স্থায়ী কৰ্মচাৰী। পিতৃ-মাতৃ দুয়োজনে সন্তানৰ পঢ়া-শুনাত গুৰুত্ব দিয়ে। জয়াই টঙনা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি ডুমডুমা কলেজৰপৰা কমাৰ্চ বিষয়ত হায়াৰ চেকেণ্ডেৰী পাছ কৰে।

জয়া লাক্ৰাৰ পাঁচজনীয়া পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহে সেইদিনা, যিদিনা দেউতাকে ৰুগ্ন শৰীৰেৰে মৃত্যুক সাৱটি লয়। সেই বছৰ জয়াই হায়াৰ চেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষাত বহিব। দেউতাকৰ অবৰ্তমানত পৰিয়ালটো আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হয়। সেয়ে বহু কষ্টৰ মাজেৰে হায়াৰ চেকেণ্ডেৰী পাছ কৰাৰ পিছতো তেওঁ বিএ পঢ়াৰ পৰা বঞ্চিত হ'বলগীয়া হয়। ২০১৫ চনৰপৰা জয়াই পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ কৰ্মী হিচাপে দক্ষতাৰে কাম কৰি আছে। তেওঁ ফুটবল, হকী, ফ্ৰিজবি আটাইকেইটা খেলতে দক্ষতা প্ৰদৰ্শন কৰিছে। জয়াই ইতিমধ্যে ফ্ৰিজবি খেলৰ মাষ্টাৰ ট্ৰেইনিং কৰিছে। ফুটবল দলৰ নেতৃত্ব লৈ দাৰ্জিলিঙত অনুষ্ঠিত হোৱা আন্তঃ চামং চাহ বাগিচাৰ মাজত দ্বিতীয় স্থান অধিকাৰ কৰে। হকী দলৰ নেতৃত্ব লৈ নগাঁৱত অনুষ্ঠিত অসম ৰাজ্যিক হকী খেলতো অংশগ্ৰহণ কৰে।

জয়াৰ অনুভৱ -- "বাইদেউ, এনেকৈ ওলাই যাব পাৰিম বুলি কোনোদিনে আশা কৰা নাছিলোঁ।" জয়াৰ আশা টঙনাৰ সকলো ল'ৰা ছোৱালীয়ে যাতে এনেধৰণৰ সুযোগ সুবিধা পাই আগবাঢ়ি যাব পাৰে।


২) স্বপ্না মুণ্ডা, ১৬ বছৰ

পিতৃ - বিজয় মুণ্ডা

মাতৃ - সুনীতা মুণ্ডা

বিছাকুপি চাহ বাগিচা, তিনিচুকীয়া


স্বপ্নাই যোৱাবছৰ মেট্ৰিক পাছ কৰি হুনলাল হায়াৰ চেকেণ্ডেৰী স্কুলত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত পঢ়ি আছে। দেউতাক- মাকে পঢ়া-শুনাত গুৰুত্ব দিয়ে। তাই ভাল ছবি আঁকে।

খেলা-ধূলাৰ প্ৰতিও ৰাপ আছে। কিন্তু সুবিধা নাপায়। এইবাৰ পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ উদ্যোগত অনুষ্ঠিত ফ্ৰিজবি খেলত সুন্দৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি দেখুৱাৰ বাবে মাষ্টাৰ ট্ৰেইনিঙৰ বাবে পঠিওৱা হয়। এতিয়া তাই স্কুললৈও সদায় যায় আৰু সপ্তাহত তিনি-চৰিদিন লাইনৰ ল'ৰা ছোৱালীক ফ্ৰিজবি শিকায়, অনুশীলন কৰে।

স্বপ্না এতিয়া বাগানত ফ্ৰিজবিৰ প্ৰসাৰৰ বাবে আগ্ৰহী।


৩) দীপা তাঁতী, ১৬ বছৰ

পিতৃ - কুশল তাঁতী

মাতৃ - লক্ষী তাঁতী

বিছাকুপি চাহ বাগিচা, তিনিচুকীয়া


দীপাই আৰ্থিক অনাটনৰ বাবে অষ্টম শ্ৰেণীত স্কুল এৰি দিছিল। একেলগে ভায়েক আৰু ভনীয়েকক নামভৰ্তি কৰিব লগা হোৱাৰ বাবে আৰু মাকৰ অসুখৰ বাবে নৱম শ্ৰেণীত দীপাই নামভৰ্তি কৰিব নোৱাৰিলে। দীপাই খুব ধুনীয়া ছবি আঁকে। কিন্তু আজি পৰ্যন্ত কোনো সুবিধা পোৱা নাই।


দীপাও খেলৰ প্ৰতি বেছ আগ্ৰহী। এইবাৰ তাই পুনৰ নৱম শ্ৰেণীত নামভৰ্তি কৰিছে। স্কুলৰ বাৰ্ষিক খেলত সকলো খেলতে অংশগ্ৰহণ কৰিছে। চাহ বাগিচাত অনুষ্ঠিত বাৰ্ষিক খেল-ধেমালিত ১০০ মিটাৰ দৌৰত দ্বিতীয়, চামুচত মাৰ্বল লৈ দৌৰাত দ্বিতীয়, বেজিত সূতা ভৰোৱা খেলত প্ৰথম হৈছে।

ফ্ৰিজবি খেলৰ প্ৰশিক্ষণ লোৱাৰ পাছৰ পৰাই দীপাৰ পঢ়াৰ প্ৰতিও আগ্ৰহ বাঢ়ে।

দীপাৰ তিৰবিৰাই থকা চকুকেইটাত ভৱিষ্যতে কিবা এটা হোৱাৰ বাসনা জাগি উঠে।