ছুলেমা খাতুন
(এই সপ্তাহত আমি মেঘালয়ৰ মহেন্দ্ৰগঞ্জৰ ছুলেমা খাতুনৰ জীৱন আৰু সংগ্ৰাম আৰু তেওঁ কেনেদৰে শিক্ষাৰ যোগেৰে সন্মান আৰু সান্ত্বনা বিচাৰি পালে তাৰ কাহিনী তেওঁৰ নিজৰ ভাষাৰে আগবঢ়াইছোঁ। এডমিন।)
মই অতি শীঘ্ৰে সত্তৰ বছৰ বয়স গৰকিবলৈ গৈ আছোঁ। মই মেঘালয়-বাংলাদেশ সীমান্তৰ মহেন্দ্রগঞ্জৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। মই এখন সৰু গাঁৱত কাম কৰিছিলোঁ। মই পাঁচজন ভাই- ককাই আৰু এজনী ভনীৰে এটা ডাঙৰ পৰিয়ালত ডাঙৰ - দীঘল হৈছোঁ। আমাৰ পৰিয়ালত মোৰ মাৰ বাহিৰে কোনো শিক্ষিত নাছিল। মোৰ মা, আমৰুল নেছাই ১৯৩৫ চন মানত, ব্ৰিটিছৰ দিনত তৃতীয় শ্ৰেণী পাছ কৰে। তেওঁ উচ্চ মানৰ প্ৰদৰ্শনৰ বাবে জলপানিও লাভ কৰিছিল। ব্ৰিটিছ চৰকাৰে তেওঁক চাকৰিও দিছিল। কিন্তু তেওঁ সেই চাকৰি গ্ৰহণ কৰিব নোৱাৰিলে কাৰণ সেই সময়ত মহিলাই ঘৰৰ পৰা ওলাই গৈ বাহিৰত কাম কৰাটো সমাজত অপমানজনক বুলি ধৰা হৈছিল। মোৰ দেউতা আৰু তেওঁৰ ককাই-ভাইসকলে খেতি আৰু খেতি সম্বন্ধীয় ব্যৱসায় কৰিছিল। সেই সময়ত কেৱল ঘোঁৰাগাড়ীৰ বাহিৰে যাতায়াতৰ আন কোনো উপায় নাছিল। মহিলাসকলক কম বয়সতে বিয়া কৰাই দিয়া হৈছিল। তেওঁলোকে কৰিব পৰা একমাত্ৰ যাত্ৰাটো আছিল সম্পূৰ্ণ আবৃত গৰুগাড়ীত মাতৃগৃহলৈ কৰা যাত্ৰা। মোৰ মাৰ ঘৰৰ ওচৰত বাংলা মাধ্যমেৰে তৃতীয় শ্ৰেণীলৈকে শিক্ষাদান কৰা কেৱল এখন ছোৱালী বিদ্যালয় আছিল (১৯২৯ চনত প্ৰতিষ্ঠিত মাঝেৰচৰ চৰকাৰী ছোৱালী বিদ্যালয়)। প্ৰায় ২০ কি:মি: দূৰত পঞ্চম শ্ৰেণীলৈকে শিক্ষাদান কৰা এখন মাধ্যমিক বিদ্যালয় আছিল। আমাৰ গাঁৱৰ পৰা প্ৰায় ৮ কি: মি: দূৰত এখন ল'ৰাৰ বিদ্যালয় আছিল। তাত কেৱল এজন শিক্ষক আছিল। সেই সময়ত যাতায়াত আৰু ৰাষ্টাৰ অভাৱৰ বাবে কথা- বাৰ্তা বিনিময় কৰা প্ৰায় অসম্ভৱ আছিল। সৰহসংখ্যক লোকেই অশিক্ষিত আছিল আৰু খেতি-বাতি কৰিছিল, বাকীসকলে সৰু সৰু ব্যৱসায় কৰিছিল।
মোৰ মায়ে তৃতীয় শ্ৰেণীলৈকে শিক্ষা সম্পূৰ্ণ কৰাৰ সময়ত তেওঁৰ বয়স ২০ বছৰ আছিল। বিদ্যালয়সমূহ তেওঁৰ ঘৰৰ পৰা বহুত দূৰত হোৱাৰ বাবে তেওঁ আৰু পঢ়িব নোৱাৰিলে। তেওঁৰ নিজৰ এজন অশিক্ষিত সম্পৰ্কীয় ভ্ৰাতৃৰ লগত বিয়া হয়। ১৯৪১ চনত তেওঁৰ বিয়াৰ পিছত তেওঁ কিতাপ কিনি মোৰ দেউতাক পঢ়িবলৈ শিকায়। পিছত, মোৰ দেউতাই বহুত কিতাপ পঢ়ে আৰু সমাজত এজন জ্ঞানী ব্যক্তি হিচাপে পৰিচিত হয়। মোৰ মায়ে মোৰ কিশোৰ খুৰাসকলৰ ওচৰৰ বিদ্যালয়ত নামভৰ্তি কৰাটোও সুনিশ্চিত কৰে। পিছত মোৰ এজন খুৰায়ে ষষ্ঠ শ্ৰেণীলৈকে আৰু আন এজনে দশম শ্ৰেণীলৈকে পঢ়া সম্পূৰ্ণ কৰে আৰু দুয়োজনে চাকৰি পায়। এনেদৰেই গোটেই পৰিয়ালটোকে শিক্ষিত কৰাত মোৰ মাৰ অৱদান উল্লখযোগ্য। মোৰ খুৰাহঁতৰ লগতে মোৰ দাদাহঁতকো বিদ্যালয়লৈ পঠিওৱা হৈছিল। সহোদৰকেইজনৰ লগত একেলগে আমি এটা ডাঙৰ দল আছিলোঁ আৰু ১৯৬০ চনত একেলগে বিদ্যালয়লৈ গৈ বহুত আনন্দ পাইছিলোঁ। সেইসময়ত শিশুসকলৰ শিক্ষা ৮-১০ বছৰ বয়সৰ পিছতহে আৰম্ভ হৈছিল। ৩-৪ বছৰ বয়সত বিদ্যালয়লৈ যোৱাটো অকল্পনীয় আছিল। আমি নিয়মীয়াকৈ বিদ্যালয়লৈ গৈছিলোঁ আৰু ই আমাক জ্ঞান আহৰণত যথেষ্ট সহায় কৰিছিল। মোৰ বাইদেওয়ে অষ্টম শ্ৰেণীলৈকে পঢ়া সম্পূৰ্ণ কৰাৰ পিছত তেওঁৰ বিয়া হয়। তেওঁ ছোৱালী হোৱাৰ বাবে তেওঁৰ শিক্ষাত কেতিয়াও প্ৰাধান্য দিয়া হোৱা নাছিল। তেওঁ চাকৰি পাইছিল। কিন্তু তেওঁও সামাজিক পিতৃতান্ত্ৰিক নিয়মসমূহৰ কাৰণে চাকৰি কৰিব নোৱাৰিলে।
মই আমাৰ গাঁৱৰ ল'ৰা- ছোৱালীয়ে একেলগে পঢ়া এখন বিদ্যালয়ত পঢ়িছিলোঁ। মই তৃতীয় শ্ৰেণী সম্পূৰ্ণ কৰাৰ সময়ত কেৱল এজন পুৰুষ শিক্ষক লৈ পঞ্চম শ্ৰেণীলৈকে শিক্ষাদান কৰা এখন নতুন বিদ্যালয় স্থাপন কৰা হয়। মই সৌভাগ্যৱান যে মই পঞ্চম শ্ৰেণী সম্পূৰ্ণ কৰাৰ সময়তে পশ্চিমবঙ্গৰ এজন পুৰুষ শিক্ষক লৈ দশম শ্ৰেণীলৈকে শিক্ষাদান কৰা আন এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। যি কি নহওঁক, মোৰ সকলো ছোৱালী সহপাঠীৰ ষষ্ঠ শ্ৰেণী পোৱাৰ লগে লগেই বিয়া হয়। কিছুমানৰ বিয়াৰ আগতেই বিয়াৰ প্ৰস্তাৱ অহাৰ বাবে বিদ্যালয়লৈ অহা বন্ধ কৰি দিয়া হ'ল। উচ্চশিক্ষিত মহিলাসকলক বিবাহৰ বাবে অনুপযুক্ত বুলি ধৰা হৈছিল। অষ্টম শ্ৰেণীত পঢ়া ছোৱালী কেৱল মই আছিলোঁ আৰু সেইবাবে মোৰ দেউতাই মোৰ বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিলে। শ্ৰেণীটোত ল'ৰাবোৰ আৰু এজন পুৰুষ শিক্ষকৰ মাজত এজনী ছোৱালীয়ে পঢ়াটো সমাজত কলংকস্বৰূপ আছিল। মোৰ দেউতাই মোৰ বাবে দৰা বিচাৰিবলৈ ধৰিলে।
সেই সময়ত মই কিতাপৰ পোক আছিলোঁ আৰু প্ৰখ্যাত বেংগলী লেখক যেনে ৰবীন্দ্ৰনাথ ঠাকুৰ, কাজী নজৰুল ইছলাম, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, স্বামী বিবেকানন্দ ইত্যাদিৰ কিতাপ পঢ়ি বহুত আনন্দ পাইছিলোঁ। মই কিতাপ পঢ়াৰ প্ৰতি নিচাসক্ত হৈ পৰিছিলোঁ। মই অন্ততঃ কেই পৃষ্ঠামান নপঢ়াকৈ শুব নোৱাৰিছিলোঁ। প্ৰখ্যাত লেখকসকলৰ লিখনি, ধৰ্মীয় গ্ৰন্থ, উপন্যাস ইত্যাদিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছিল। দেউতাই মোৰ বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিয়াত মই গভীৰভাৱে বিস্মিত আৰু মৰ্মাহত হৈ পৰিছিলোঁ। বিষণ্ণতাই মোক ভিতৰি ভিতৰি মাৰি পেলাইছিল আৰু বিদ্যালয়ৰ স্মৃতিয়ে মোক খেদি ফুৰিছিল। মই বিদ্যালয়লৈ পুনৰ ঘূৰি যোৱাৰ উপায় বিচাৰিবলৈ ধৰিলোঁ। এদিন মোৰ দেউতা ঘৰত নথকা অৱস্থাত মই মনে মনে হাই স্কুলৰ প্ৰধান শিক্ষকক লগ ধৰিবলৈ গ'লোঁ। মই তেখেতৰ ভৰি চুই মোৰ অৱস্থা আৰু মই শিক্ষাৰ ক্ষেত্ৰত পোৱা বাধাৰ কথা বৰ্ণনা কৰোঁ। চকুৰ পানীৰে সৈতে মই মোৰ পঢ়িবলৈ থকা গভীৰ ইচ্ছাৰ কথা প্ৰকাশ কৰোঁ। প্ৰধান শিক্ষকজন বিস্মিত হৈ পৰে। তেওঁ মোক নিশ্চয়তা প্ৰদান কৰে যে তেওঁ মোৰ দেউতাৰ লগত কথা পাতিব আৰু মোৰ বাবে কিবা কৰিব। পিছদিনা তেওঁ আমাৰ ঘৰলৈ আহিল আৰু মোৰ দেউতাক মোক বিদ্যালয়লৈ যাবলৈ দিবলৈ ক'লে। তেওঁ ক'লে যে যদি মই প্ৰথম মহিলা ছাত্ৰী হিচাপে মেট্ৰিকলৈকে পঢ়া সম্পূৰ্ণ কৰিব পাৰোঁ তেন্তে ই বিদ্যালয়ৰ বাবেও গৌৰৱৰ কথা হ'ব। কেনেবাকৈ মোৰ দেউতা মান্তি হ'ল আৰু তেওঁ মোক পুনৰ বিদ্যালয়লৈ যাবলৈ অনুমতি দিলে। ইয়াৰ বাবে মই কি কৰিছিলোঁ মোৰ দেউতাই কেতিয়াও নাজানিলে। পিছদিনাৰ পৰাই মই বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিলোঁ আৰু নৱম শ্ৰেণীলৈকে কোনো সমস্যা নোহোৱাকৈ পঢ়া সম্পূৰ্ণ কৰিলোঁ।
মই দশম শ্ৰেণী পোৱাৰ পিছত বেয়া দিন আৰম্ভ হ'ল। মোৰ দাদা সেই সময়ত অসমৰ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়ি আছিল। তেওঁৰ খৰচ-পাতি যোগাৰ কৰাটো মোৰ পৰিয়ালৰ বাবে কঠিন হৈ পৰিছিল। মই শিক্ষা সমাপ্ত কৰিবলৈ বাধ্য হ'লোঁ। মই ১৫ বছৰ বয়সতে শিক্ষকৰ চাকৰি কৰিবলগীয়া হ'ল। এইয়া ১৯৬৮ চনৰ কথা। সেই সময়ত বহুত বিদ্যালয় খোলা আৰম্ভ হৈছিল। মই কাম কৰা বিদ্যালয়খনত উপস্থিত হ'বলৈ প্ৰত্যেকদিনাই প্ৰায় ৩-৪ কিল'মিটাৰ খোজকাঢ়ি যাব লাগিছিল। কেতিয়াবা বাটত মোৰ সহপাঠী সকলক লগ পালে মই চকুৰ পানী ৰখাব নোৱাৰোঁ। মই প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিলোঁ আৰু মোৰ কামৰ সময় পুৱা ৭ বজাৰ পৰা ১১ বজালৈ আছিল। কামৰ পিছত মই হাইস্কুললৈ গৈছিলোঁ আৰু কেইটামান শ্ৰেণীত উপস্থিত থাকিছিলোঁ। শিক্ষকসকল অত্যন্ত সহায়কাৰী আছিল আৰু মোক বিনামূলীয়াকৈ ঘৰতে শিক্ষাদান কৰিছিল যাতে মই মোৰ শিক্ষা আগবঢ়াই নিব পাৰোঁ।
মোৰ উপাৰ্জন মাহে ৮৫ টকা আছিল আৰু সেই সময়ত ই এক সন্মানীয় দৰমহা আছিল। মই আমাৰ সকলো ধাৰ আদায় দিব পাৰিছিলোঁ আৰু দাদাৰ পঢ়াৰ খৰচো দিব পাৰিছিলোঁ। মই পোৱা টকাৰে মোৰ বাকী কেইজন ককাই-ভাইয়েও পঢ়িব পৰিছিল। মোৰ ভাইহঁতৰ মাছুল বহুত বেছি আছিল। আৰু মই তেওঁলোকৰ বাবে নিজৰ শিক্ষাৰ বলিদান দিবলগীয়া হৈছিল। মই দশম শ্ৰেণীৰ পৰীক্ষাৰ মাছুল পৰিশোধ কৰিব পৰা নাছিলোঁ, আৰু এই পৰীক্ষা বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষা আছিল। যেতিয়াই পৰীক্ষাৰ বাবে আবেদন কৰাৰ সময় আহে, অসম কৃষি বিশ্ববিদ্যালয়ত পঢ়ি থকা মোৰ দাদাই তেওঁৰ পৰীক্ষাৰ মাছুলৰ বাবে অতিৰিক্ত টকা বিচাৰে। মোৰ দৰমহাৰ টকা তেওঁলৈ পঠিওৱা হয় আৰু মোক পিছৰ বছৰৰ বাবে অপেক্ষা কৰিবলৈ কোৱা হয়। পিছৰ তিনি বছৰ একে ঘটনাই ঘটিল আৰু মই টকাৰ অভাৱৰ বাবে পৰীক্ষা দিব নোৱাৰিলোঁ - যদিও উপাৰ্জন কৰা ব্যক্তিজন মইয়ে আছিলোঁ।
মোৰ দাদাই ১৯৭০ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে-যি সেই সময়ৰ এক দুৰ্লভ সন্মান আছিল। ১৯৭১ চনৰ জানুৱাৰী মাহত মোৰ বিয়া হয়। মোৰ বিয়াৰ পিছতহে মোৰ স্বামীয়ে পৰীক্ষাৰ মাছুল দিবলৈ টকা দিয়ে আৰু মই পৰীক্ষা দিব পাৰোঁ। মই সফলতাৰে উত্তীৰ্ণ হ'লোঁ আৰু মহেন্দ্ৰগঞ্জৰ প্ৰথমগৰাকী মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলা হিচাপে পৰিচিত হ'লোঁ। কিন্তু মোৰ কলেজত পঢ়াৰ সপোন কেতিয়াও সফল নহ'ল। যদি মই আৰু পঢ়িব পাৰিলোঁহেঁতেন তেন্তে মই আৰু ভাল জীৱিকা আশা কৰিব পাৰিলোঁহেঁতেন।
মোৰ দাদাই কৃষি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত এজন ডাঙৰ বিষয়া হ'ল আৰু মই বিদ্যালয়ৰ শিক্ষক হৈয়ে থাকি গ'লোঁ। মোৰ পৰিয়ালত মোৰ দাদাৰ তুলনাত মোৰ প্ৰতি এক অসমানতা আৰু দুৰ্ব্যৱহাৰৰ ভাৱ ফুটি উঠিল। ই মোক বহুত কষ্ট দিছিল। মোৰ মা- দেউতা দাদাৰ সফলতাক লৈ অত্যন্ত সুখী আৰু গৌৰৱান্বিত হৈছিল। তেওঁলোকে মোক প্ৰায় পাহৰি পেলালে, আৰু অতি সোনকালে পৰিয়ালৰ সকলোৱে মোৰ অৱদানক স্বীকৃতি দিবলৈও পাহৰি গ'ল। কেইবছৰমানৰ ভিতৰতে কেইটামান পদোন্নতি পোৱাৰ পিছত দাদাই মোৰ আৰু আন সহোদৰসকলৰ লগত সকলো সম্পৰ্ক ছেদ কৰিলে কাৰণ এজন উচ্চপদস্থ বিষয়া হিচাপে তেওঁৰ মানদণ্ড আমাৰ লগত নিমিলা হ'ল, আৰু আমিও সেই পৰ্যায়লৈ যাব নোৱাৰিলোঁ।
মোৰ পঢ়াৰ প্ৰতি থকা উৎসাহে মোক জীয়াই ৰাখিলে। মোৰ ৫ জন সন্তান- ৩ গৰাকী কন্যা আৰু ২ জন পুত্ৰ। মোৰ সন্তানকেইজনেই মোৰ একমাত্ৰ সপোন হৈ পৰিল আৰু মই তেওঁলোকৰ শিক্ষাৰ যোগেৰে মোৰ আধৰুৱা সপোন পূৰণ কৰাৰ সিদ্ধান্ত ল'লোঁ। মই তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে সকলো কৰিবলৈ দৃঢ়প্রতিজ্ঞ আছিলোঁ। মোৰ আটাইকেইজন সন্তানে স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰিলে। মোৰ দুগৰাকী কন্যাই পি. এইচ. ডি সম্পূৰ্ণ কৰিছে। তেওঁলোকৰ সকলোৱে এতিয়া সুপ্ৰতিষ্ঠিত আৰু তেওঁলোকে সুন্দৰ জীৱন যাপন কৰি আছে। এইয়াই মোৰ সুখ আৰু গৌৰৱ।
পিছত মই মোৰ মায়ে পঢ়া ছোৱালী প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হওঁ। মই পাঁচগৰাকী ছোৱালীক পঢ়াত সহায় কৰোঁ আৰু তাৰ ভিতৰত এগৰাকীয়ে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। মই ২০১১ চনত অৱসৰ গ্ৰহণ কৰোঁ আৰু তেতিয়াৰ পৰা মই কবিতা লিখি বিভিন্ন আলোচনীত প্ৰকাশ কৰিছোঁ। এতিয়ালৈকে মই চাৰিখন কবিতাৰ কিতাপ লিখিছোঁ। মই মোৰ গাঁৱত লিংগ সমানতা সম্বন্ধীয় সমাজসেৱাৰ লগতো জড়িত হৈ আছোঁ।
এই বয়সত যেতিয়া মই মোৰ জীৱনলৈ ঘূৰি চাওঁ, মই মোৰ মা আৰু তেওঁৰ দৰ্শনক ধন্যবাদ জনাওঁ। তেওঁৰ শিক্ষা আৰু সবলতাৰ অবিহনে মই আজি যি স্থানত আছোঁ সেই স্থান লাভ কৰা অসম্ভৱ হ'লহেঁতেন। এই কথাষাৰ একেবাৰে শুদ্ধ যে "যেতিয়া এগৰাকী নাৰী শিক্ষিত হয়, তেতিয়া এটা প্ৰজন্ম শিক্ষিত হয়।"