ছেৰা টেৰিমা
এই সপ্তাহত আমি মেঘালয়ৰ তুৰাৰ ছেৰা টেৰিমা চাংমাৰ উৎসাহজনক কাহিনী লৈ আহিছোঁ। আমি তেওঁৰ ভৱিষ্যৎ জীৱনৰ বাবে শুভকামনা জনাইছোঁ। (এডমিন)
"মই মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰাৰ ছেৰা টেৰিমা চাংমা। আগতে মই গ্ৰিকছেৰা বুলি পৰিচিত আছিলোঁ আৰু এই নামটো মোৰ মাহীয়ে দিছিল। মোৰ ৪ জন সহোদৰ আৰু তেওঁলোকৰ সকলোৱে মোৰ ভাই। মোৰ মা গৃহিণী আৰু দেউতাই চৰকাৰী প্ৰাথমিক বিদ্যালয়ত কাম কৰিছিল। পৰিয়ালটোত মই একমাত্ৰ ছোৱালী আছিলোঁ আৰু মোৰ দুয়োজন অভিভাৱকে মোক খুউব মৰম কৰিছিল।
মোৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল গাৰো ইউনিয়ন চেকেণ্ডেৰী স্কুলত য'ত মই প্ৰাক প্ৰাথমিক স্তৰলৈকে পঢ়া সম্পূৰ্ণ কৰোঁ আৰু তাৰ পিছত হিল ভিও চেকেণ্ডেৰী স্কুলত মোৰ নামভৰ্তি কৰোৱা হয়। মোৰ মনত আছে সেই সময়ত আমাৰ পৰিয়ালটো বহুত আৰ্থিক সংকটত ভুগিছিল কাৰণ বিদ্যালয়সমূহ চৰকাৰৰ অধীনত নাছিল আৰু জিলা পৰিষদৰ পৰা অনুদানৰ অভাৱ আছিল আৰু দৰমহাও অনিশ্চিত আছিল। মোৰ দেউতাই ৭ মাহৰ দৰমহা পোৱা নাছিল। তেওঁ ঋণ ল'বলৈ আৰু টিউশ্যন কৰিবলৈ বাধ্য হৈছিল। যি কি নহওঁক, তেওঁ আমাক প্ৰয়োজনীয় সকলো বস্তু দিছিল। মোৰ ককাই আমাক কেতিয়াবা চাউল আৰু কেতিয়াবা টকা দি সহায় কৰিছিল। মোৰ দেউতাই বহুত বিদ্যালয় খুলিছিল যিবোৰ পিছত চৰকাৰী বিদ্যালয় হৈছিল। মই পঢ়া বিদ্যালয়খন বহুত দামী আছিল। অৱশ্যে শিক্ষাৰ মানদণ্ডও ভাল আছিল। আৰু শিক্ষকসকল অতি সহায়কাৰী আৰু যত্নশীল আছিল। সেই শিক্ষকসকলে মোক এতিয়াও মনত ৰাখিছে আৰু মোৰ মাৰ পৰা মোৰ খবৰ লৈ থাকে।
সঠিক তাৰিখবোৰ মোৰ মনত নাই। সেই সময়ত মোৰ ডাঙৰ দাদাই শ্বিলঙত পঢ়ি আছিল আৰু আমি বাকী তিনিজনে একেখন বিদ্যালয়তে পঢ়িছিলোঁ। ই মোৰ অভিভাৱকৰ বাবে বহুত ডাঙৰ অৰ্থনৈতিক বোজা আছিল। আমাৰ তিনিজনৰ বিদ্যালয়ৰ মাছুল যোগাৰ কৰাটো অতি কষ্টকৰ হৈ পৰিল। সেইবাবে আমাৰ অভিভাৱকে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ আৰু শিক্ষকসকলে অনুৰোধ কৰা স্বত্ত্বেও আমাৰ বিদ্যালয় সলনি কৰাৰ সিদ্ধান্ত লয়। মোৰ দ্বিতীয় জন দাদা অতি শৃংখলাবদ্ধ ছাত্ৰ আছিল আৰু বিদ্যালয়ৰ দলপতি আছিল। সেইবাবে আমাক সকলোৱে ভাল পাইছিল।
মই আৰু মোৰ ভাইহঁতে বেলেগ বিদ্যালয়ত প্ৰৱেশিকা পৰীক্ষা দিলোঁ। মই খ্ৰীষ্টান বালিকা বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ আৰু একেদৰেই মোৰ ভাইহঁতে তুৰাৰ মন্টফৰ্ট চেণ্টাৰ বিদ্যালয়ত নামভৰ্তি কৰে। মোৰ দ্বিতীয়জন ভাইয়ে তাতো উত্তম শৃংখলাবদ্ধ ছাত্ৰহিচাপে ভাল ফলাফল দেখুৱাই গ'ল আৰু পুনৰ বিদ্যালয়ৰ দলপতি হিচাপে নিৰ্বাচিত হ'ল।
মই তুৰাৰ খ্ৰীষ্টান বালিকা বিদ্যালয়ত পঢ়িছিলোঁ। এই বিদ্যালয়ত মোৰ সমস্যা আছিল ভাষা। মই নাজানিছিলোঁ যে দ্বিতীয় শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈকে পাঠদানৰ মাধ্যম গাৰো আছিল। মই ইংৰাজী মাধ্যমত পঢ়িছিলোঁ আৰু ইংৰাজীৰ পৰা গাৰো মধ্যমলৈ যোৱাটো মোৰ বাবে অতি কঠিন আছিল। যি কি নহওঁক, এই বিদ্যালয়খন চৰকাৰী হোৱাৰ বাবে মোৰ অভিভাৱকে কোনো মাছুল দিবলগীয়া হোৱা নাছিল। মই দ্বিতীয় শ্ৰেণীৰ পৰা পোনে পোনে চতুৰ্থ শ্ৰেণীলৈ উত্তীৰ্ণ হৈছিলোঁ কিন্তু চতুৰ্থ শ্ৰেণীত মই অনুত্তীৰ্ণ হ'লোঁ। মই একেখন বিদ্যালয়তে পঢ়া চলাই গ'লোঁ আৰু দ্বিতীয় বছৰত মই উত্তীৰ্ণ হ'লোঁ। পঞ্চম শ্ৰেণী পোৱাৰ পিছত শিক্ষাদানৰ মাধ্যম ইংৰাজীলৈ সলনি হ'ল। কিন্তু যিহেতু মই লেহেমীয়া শিকাৰু আছিলোঁ মই পঞ্চম শ্ৰেণীত আকৌ অনুত্তীৰ্ণ হ'লোঁ। মোৰ অভিভাৱক অতি কঠোৰ আছিল আৰু মই মোৰ ফলাফল দেখুৱাবলৈ বৰ ভয় কৰিছিলোঁ কাৰণ তেওঁলোকেও দুখ পাইছিল আৰু তেওঁলোকে মোৰ পঢ়াৰ বাবে টকা খৰচ কৰিছিল। মই একেখন বিদ্যালয়তে পঢ়িবলৈ লাজ পাইছিলোঁ।
তাৰ পিছত মই ছেইণ্ট এন্থনী চেকেণ্ডেৰী স্কুলত নামভৰ্ত্তি কৰোঁ আৰু তাতে দশম শ্ৰেণীলৈকে পঢ়োঁ। পুনৰ মই এছ এছ এল চি পৰীক্ষাত দুবাৰ অনুত্তীৰ্ণ হওঁ। মই বহুত বিষণ্ণ হৈ পৰিছিলোঁ আৰু পঢ়া চলাই যাবলৈ মোৰ কোনো উৎসাহ নাছিল। মোৰ অভিভাৱকে মোৰ বিষাদগ্ৰস্ততা আৰু আলস্যৰ ভাৱ লক্ষ কৰিলে আৰু সেইকাৰণে মোৰ মায়ে মোক তেওঁৰ চহৰলৈ লৈ গ'ল আৰু দশম শ্ৰেণীত নিয়মীয়া ছাত্ৰী হিচাপে নামভৰ্তি কৰি দিলে। কিন্তু মই পুনৰ অনুত্তীৰ্ণ হ'লোঁ। মই পুনৰ পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ল'লোঁ কিন্তু মোৰ অভিভাৱকে পুনৰ মোৰ নামভৰ্তি কৰিলে। মই মোৰ অভিভাৱকক ক'লোঁ যে মই মোৰ নামটো ভাল নাপাওঁ আৰু নামটো সলাই দিলে মই ভাল পাম। মোৰ দেউতাই মোৰ সিদ্ধান্তত হাঁহিলে। সেই সময়ত মই লেডী গাগাৰ ডাঙৰ অনুৰাগী হৈ পৰিলোঁ আৰু তেওঁৰ জীৱন কাহিনী মোৰ সৈতে প্ৰায় একেই। সেইবাবে, মই পৰাজিত হ'ব বিচৰা নাছিলোঁ আৰু সেইকাৰণে মই মোৰ নামটো সলনি কৰি ছেৰা টেৰিমা কৰিলোঁ। এই শব্দকেইটা ইন্দোনেছিয়াৰ আৰু ইয়াৰ অৰ্থ হ'ল 'যান বাহনৰ গতি'। মই যান বাহনৰ দৰে হ'ব খোজোঁ আৰু কোনো ঠাইতে ৰৈ থাকিবলৈ নিবিচাৰোঁ। মোৰ চতুৰ্থ প্ৰচেষ্টাত, ৰাজাবালাৰ বাতাবাৰী চেকেণ্ডেৰী স্কুলৰ পৰা মই এছ এছ এল চি পৰীক্ষাত উত্তীৰ্ণ হওঁ। সেই সময়ত মোৰ দেউতাই অৱসৰ গ্ৰহণ কৰিছিল আৰু জিলা প্ৰশাসনে শিক্ষকৰ যত্ন ল' বলৈ আৰম্ভ কৰাৰ পৰা মোৰ দেউতাই নিয়মীয়াকৈ পেঞ্চন পাবলৈ ধৰে।
মই তুৰা চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তি কৰোঁ আৰু একাদশ শ্ৰেণী উত্তীৰ্ণ হওঁ আৰু একে সময়তে মই বৃত্তিমূলক প্ৰশিক্ষণতো যোগদান কৰোঁ। তাৰ পিছত দ্বাদশ শ্ৰেণীত মই কলেজ সলনি কৰোঁ আৰু ৰাজাবালাৰ বাতাবৰী উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰোঁ।
এইচ এছ এল চি উত্তীৰ্ণ হোৱাৰ পিছত মই সমাজসেৱাৰ স্নাতক পাঠ্যক্ৰম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ আৰু তুৰাৰ মেচন ফিলিপচ একাডেমী ( মাৰ্টিন লুথাৰ খ্ৰীষ্টান বিশ্ববিদ্যালয়) ত নামভৰ্তি কৰোঁ। যেতিয়া মই শ্ৰেণীত উপস্থিত হ'লোঁ তেতিয়া মই অনুভৱ কৰিলোঁ যে সকলো শিক্ষকে আমাক কেৱল উত্তীৰ্ণ হোৱাৰ বাবে পঢ়োৱা নাছিল, তেওঁলোকে আমাক বুজিবলৈ আৰু জ্ঞান লাভ কৰিবলৈ পঢ়াইছিল। তেওঁলোক বিদ্যালয়ৰ শিক্ষকৰ দৰেও নাছিল আন কলেজৰ অধ্যাপকৰ দৰেও নাছিল। যদিও মই বৰ ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱা নাছিলোঁ, মই কিছুমান মূল্যবোধ লৈ উত্তীৰ্ণ হৈছিলোঁ আৰু মই নিজৰ মাজত পৰিবৰ্তন দেখিবলৈ পাইছোঁ।
মই পঢ়ি থকা সময়ত মোৰ অভিভাৱকে নামভৰ্তিৰ মাছুল আৰু অন্যান্য খৰচ-পাতি দিছিল। তেওঁলোকৰ পইছা নাথাকিলে তেওঁলোকে আত্মীয়ৰ পৰা ধাৰ লৈছিল আৰু কিস্তিত পৰিশোধ কৰিছিল। সেই সময়তে মই প্ৰেমত পৰিলোঁ আৰু মোৰ আঙঠি পিন্ধোৱা হৈ গ' ল। মোৰ দেউতাও ঢুকালে। দেউতা ঢুকুৱাত আমাৰ জীৱন যাপন কৰা কঠিন হৈ পৰিছিল। মায়ে মাত্ৰ ৯ হাজাৰ টকা পেঞ্চন পাইছিল আৰু তাৰ পৰাও ২ হাজাৰ টকা ঋণৰ বাবদ কটা হৈছিল। সেই সময়ত মোৰ ভাইটিয়ে আইন পঢ়ি আছিল আৰু সেইবাবে এই সময়ছোৱা আমাৰবাবে এক অৰ্থনৈতিক প্ৰত্যাহ্বান আছিল।
২০১৮ চনত মই গৰ্ভৱতী হওঁ আৰু মই বহুত মানসিক কষ্ট পাওঁ কাৰণ মোৰ বাগদত্তৰ পৰা মই মৰম আৰু যত্ন নাপালোঁ। সেই সময়তে সকলো নথি থকাৰ পিছতো আমাৰ চুবুৰীয়াই আমাৰ মাটি দখলৰ চেষ্টা কৰে আৰু আমি গোচৰ পঞ্জীয়ন কৰিবলগীয়া হয়। মোৰ মাহী আৰু সম্পৰ্কীয় ভগ্নীয়ে মোৰ পঢ়াত সহায় কৰিছিল। দুৰ্ভাগ্যজনকভাৱে মোৰ পূৰ্বৰ স্বামীৰ পৰা মই কোনো সহায় নাপালোঁ।
২০১৯ চনত মোৰ স্বামীয়ে মোক এৰি যায় আৰু মই মানসিক অশান্তিত ভোগো কিন্তু মই কেতিয়াও পঢ়া এৰি নিদিলোঁ আৰু মোৰ গৃহকৰ্ম আৰু গৱেষণামূলক প্ৰৱন্ধ সময়মতে সম্পূৰ্ণ কৰি উত্তীৰ্ণ হওঁ, যদিও মোৰ শেষৰ চেমিষ্টাৰৰ নম্বৰ পঞ্চম চেমিষ্টাৰৰ তুলনাত বৰ ভাল নাছিল।
বৰ্তমান মই তুৰাৰ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰচিটিৰ অধীনত সমাজসেৱাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম কৰি আছোঁ। মোৰ মায়ে মোৰ পঢ়াৰ বাবে লোন লৈছিল। তথাপিও ই পঢ়াৰ আনুসংগিক খৰচৰ বাবে যথেষ্ট নহয়। বৰ্তমান মোৰ মায়ে মাহে ১২ হাজাৰ টকা পায় কিন্তু ৩ হাজাৰ টকা ঋণৰ বাবদ কটা হয়। মই প্ৰায়ে মোৰ পৰিস্থিতিৰ কথা ভাবোঁ। মই এগৰাকী মধ্যমীয়া শিক্ষাৰ্থী, মই ৪ বাৰ অনুত্তীৰ্ণ হৈছোঁ, মোৰ স্বামীয়ে মোক এৰি গৈছে, মোৰ এজনী কন্যা সন্তান আছে, আমাৰ সম্পত্তিৰ এটা গোচৰ চলি আছে আৰু আমি আৰ্থিকভাৱে বহুত কষ্ট পাইছোঁ। কিন্তু তথাপিও জীৱন আগবাঢ়ি যায়।
মই আত্ম- নিৰ্ভৰ হ'ব লাগিব আৰু মোৰ অভিভাৱক নাথাকিলে মোক আৰু মোৰ ছোৱালীক কোনে চাব বুলি ভাবি পঢ়া চলাই ৰাখিলোঁ। মই মোৰ পূৰ্বৰ স্বামীৰ পৰা কোনো সহায় পোৱা নাই আৰু মোৰ কেইজনমান ভাইয়ে মই পঢ়াটো নিবিচাৰে কাৰণ পেঞ্চনটো ঘৰ চলোৱাৰ বাবে যথেষ্ট নহয়। তেওঁলোকে মই চাকৰিৰ বাবে আৱেদন কৰাটো বিচাৰে কিন্তু মই ভাবোঁ যে আজিকালি চাকৰি পোৱাটো সহজ নহয়। সেইবাবে মই স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিম আৰু জলপানি পালে পি এইচ ডিও কৰিম। জলপানিয়ে মোৰ ছোৱালীৰ পঢ়াত সমৰ্থন কৰাত সহায় কৰিব। মই পঢ়া সম্পূৰ্ণ কৰি এজন সামাজিক গৱেষক হ'ব বিচাৰোঁ। মই জীৱনত এটা কথা শিকিলোঁ যে বেয়া সময়বোৰ বা সমস্যাসমূহ পাৰ হৈ যাব আৰু এইবোৰে আমাক ভাল হ'বলৈ আৰু বেয়াৰ লগত যুঁজ কৰিবলৈ শিকাব।
মই পৰমপিতা ভগৱান, মোৰ পৰিয়ালৰ সদস্যসকল আৰু সকলো অধ্যাপককে তেওঁলোকৰ সঠিক পৰামৰ্শৰ বাবে, মোৰ ভাল আৰু বেয়া সময়ত মোক উৎসাহ দিয়া মোৰ সহপাঠীসকলক আৰু মোক শক্তি যোগোৱা আৰু মোৰ মুখত হাঁহি বিলোৱা মোৰ মৰমৰ ছোৱালীজনীক ধন্যবাদ জনাইছোঁ।
যুৱ প্ৰজন্ম, অকলশৰীয়া মাতৃ, বিধৱাসকললৈ মোৰ পৰামৰ্শ হ'ল যে শিক্ষা গ্ৰহণ কৰিবলৈ কেতিয়াও লাজ নকৰিব আৰু উত্তীৰ্ণ হোৱাৰ বাবে পঢ়াৰ সলনি জীৱনত ভাল সিদ্ধান্ত গ্ৰহণকাৰী হ'বলৈ শিক্ষা লাভ কৰিবলৈ আৰু জ্ঞান আহৰণ কৰিবলৈ চেষ্টা কৰক।"