নুৰবানো বেগম
এই সপ্তাহত আমি মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰৰ মহেন্দ্ৰগঞ্জৰ নুৰবানো বেগমৰ জীৱন আৰু সংগ্ৰামৰ কাহিনী লৈ আহিছোঁ। তেখেতৰ বয়স ৫৭ বছৰ আৰু তেখেতে যোৱা ৩৩ বছৰ ধৰি এখন স্থানীয় বালিকা বিদ্যালয়ত হিন্দী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে। [এডমিন]
মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল নিজকে শিক্ষিত কৰি তোলা। মোৰ দেউতা নুৰুল হক এজন কৃষক আৰু ধনী ব্যৱসায়ী আছিল। তেখেতৰ মৰাপাট ৰপ্তানি ব্যৱসায়ে আমাক বহুত উপাৰ্জন আৰু সমাজত সন্মানৰ অধিকাৰী কৰিছিল। তেখেতৰ প্ৰথম পত্নীৰ গৰ্ভাৱস্থাত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছিল। মৃত্যুৰ সময়ত তেওঁ তিনিটা সৰু সন্তান এৰি গৈছিল। ১৯৫৪ চনত মহেন্দ্ৰগঞ্জত কোনো চিকিৎসালয় নাছিল আৰু গৰ্ভাৱস্থাৰ যত্ন কেৱল ঘৰতে সীমাবদ্ধ আছিল। তাৰ পিছত মোৰ দেউতাই ১৯৫৪ চনত মোৰ মা ৰহিমা বেগমক বিয়া কৰায়। মোৰ মা মাত্ৰ ১৪ বছৰীয়া আছিল। মোৰ দেউতাই মহেন্দ্ৰগঞ্জৰ পৰা প্ৰায় ২০০ কি: মি: আঁতৰৰ অসমৰ ব্যৱসায়িক চহৰ ধুবুৰীত মৰাপাটৰ যোগান ধৰিছিল। তেওঁ ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লগীয়াহৈছিল। ১৯৭৩ চনত এদিন মোৰ দেউতাই এখন ৰাজহুৱা বাছত ব্যৱসায়ৰ বাবে ওলাই গৈ আৰু ঘূৰি নাহিল। তেখেত তেনেকৈয়ে হেৰাই গ'ল আৰু আজিলৈকে তেওঁৰ কোনো খবৰ পোৱা নগ'ল। আমি শুনিবলৈ পাওঁ যে তেওঁৰ এখন ট্ৰাক আছিল আৰু সেইখন তেওঁ ৮৮ হাজাৰ টকা দি কিনিছিল। আমি এই বিষয়ে একো নাজানো। সেই সময়ত মই ৮ বছৰীয়া আছিলোঁ। মোৰ খুৰাই অসমৰ ধুবুৰীত এজাহাৰ দিয়া মোৰ মনত আছে। যি কি নহওঁক, আমি গোচৰটোৰ খবৰ ল'ব নোৱাৰিলোঁ আৰু তদন্তৰ ফলাফল কি হ'ল আজিলৈকে গম নাপালোঁ। মোৰ মা বোৰখা পৰিহিত, পৰ্দা প্ৰথা মানি চলা মহিলা আছিল আৰু সেই সময়ত মহিলা ঘৰৰ পৰা বাহিৰলৈ অহাটো নিষিদ্ধ আছিল। তেওঁ দেউতাৰ ব্যৱসায় আৰু সম্পত্তিৰ বিষয়ে মুঠেও নাজানিছিল। আমাৰ পৰিয়ালত সেই দুৰ্যোগ হোৱাৰ সময়ত মোৰ একেবাৰে সৰু ভাইটিৰ বয়স মাত্ৰ ডেৰ বছৰ আছিল।
হঠাৎ সকলো সলনি হৈ গ'ল। পৰিয়ালৰ বোজা মোৰ মাৰ ওপৰত পৰিল। এগৰাকী গৃহিণী হোৱা স্বত্তেও তেওঁ কেনেদৰে সকলো চম্ভালিলে মই আজিও ভাবোঁ। আমাৰ ধান খেতি কৰাৰ বাবে মাটি আছিল। তাৰ লগতে আমি ঘৰতে পাচলিৰ বাগিচা পাতিলোঁ। এখন সৰু হাঁহ কুকুৰাৰ পামো সহায়কাৰী আছিল। আমি আমাৰ ঘৰত এখন গেলামালৰ দোকানো খুলিলোঁ। মোৰ দেউতাৰ প্ৰথম বিবাহৰ পৰা হোৱা মোৰ সহোদৰসকলৰ বিয়া হৈ গ'ল আৰু তেওঁলোক আন ঠাইত প্ৰতিষ্ঠিত হ'ল। তেওঁলোকে মাজে সময়ে আহি আমাক সহায় কৰিছিল। আমি কোনোমতে পেটে-ভাতে খাই আছিলোঁ। আমি জীৱনৰ সকলো কথাই নূন্যতম খৰচত পৰিচালনা কৰিছিলোঁ।
প্ৰাথমিক বিদ্যালয় ঘৰৰ পৰা প্ৰায় ২ কি: মি: আঁতৰত আছিল। দুৰত্ব মোৰ বাবে বাধা নাছিল, বাধা আছিল সামাজিক ধ্যান ধাৰণা। মোৰ গাঁৱত ছোৱালীৰ শিক্ষা সম্পূৰ্ণ নাকচ কৰা হৈছিল। কিন্তু মোৰ মা তেওঁৰ আটাইকেইজন সন্তানকে শিক্ষিত কৰাৰ প্ৰতি আগ্ৰহী আছিল। তেওঁ আত্ম-নিৰ্ভৰ হোৱাৰ গুৰুত্ব বুজি পাইছিল। তেওঁ আমাক এজনী ছাগলী উপহাৰ দিছিল আৰু আমি ছাগলীজনী নিজৰ সন্তানৰ দৰে পালন কৰিছিলোঁ। ছাগলীজনী ডাঙৰ হ'লে আমি বিক্ৰী কৰি দিছিলোঁ। ছাগলীৰ গাখীৰৰ পৰাও আমি কিছু টকা পইছিলোঁ। এই উপাৰ্জন আমাৰ পঢ়াত খৰচ কৰা হৈছিল। এনেদৰেই আমি বিদ্যালয়ৰ মাছুল, কিতাপ আৰু বহী, কলম আদিৰ খৰচ যোগাৰ কৰিছিলোঁ। এই কাম আমি আমাৰ সম্পূৰ্ণ শিক্ষা জীৱনত কৰিছিলোঁ। সৌভাগ্যজনকভাৱে এজনীও ছাগলীৰ মৃত্যু হোৱা নাছিল। আমাৰ পাৰবোৰো উপাৰ্জনৰ উৎস আছিল। প্ৰতি মাহতে সাপ্তাহিক বজাৰত আমি ২-৩ যোৰ পাৰ বিক্ৰী কৰিব পাৰিছিলোঁ। গেলামালৰ দোকানখনে আমাক নিজৰ খোৱাৰ খৰচ যোগাৰ কৰাত সহায় কৰাৰ লগতে এক নিয়মীয়া উপাৰ্জন পোৱাটো সহায় কৰিছিল। মোৰ মা অতি পৰিশ্রমী আছিল। তেওঁ আমাক কিছুমান খাদ্য সামগ্ৰীৰ এখন তালিকা দিয়ে আৰু বিদ্যালয়ৰ পিছত আমি সেইবোৰ বস্তু কিনি ঘৰলৈ যাওঁ। এনেদৰেই আমি আমাৰ দোকানখন চলাই আছিলোঁ। আমি দোকানত থকা সময়ত কিতাপবোৰ আমাৰ লগতে ৰাখিছিলোঁ আৰু গ্ৰাহক নথকা সময়ত পঢ়িছিলোঁ। ঘৰৰ কামবোৰ পাঁচজন সহোদৰৰ মাজত ভগাই লোৱা হৈছিল আৰু ই আমাৰ বাবে বৰ ডাঙৰ বোজা নাছিল।
মই দশম শ্ৰেণী পোৱাৰ সময়ত বিদ্যালয়লৈ যোৱাটো এক প্ৰত্যাহ্বান হৈ পৰিল। মোৰ গাঁৱৰ পৰা এই স্তৰ পোৱা মইয়ে প্ৰথম ছোৱালী। গাঁৱৰ ল'ৰাবোৰে মোক আমনি কৰিবলৈ ধৰিলে। মোক বিদ্যালয়লৈ যোৱাত বাধা দিবৰ বাবে তেওঁলোকে প্ৰায়ে মোৰ বাট ভেঁটি ধৰিবলৈ ল'লে। তেওঁলোকৰ পৰা বাচিবলৈ মই বিদ্যালয়লৈ যোৱা বাট সলনি কৰিবলগীয়া হ'ল। মই এটা ঘূৰণীয়া বাট ল'বলগীয়া হ'ল আৰু ই দূৰত্ব ২ কি: মি: ৰ পৰা ৪ কি: মি: লৈ বঢ়াই দিলে। বিদ্যালয়লৈ যাবলৈ প্ৰত্যেক দিনাই মই প্ৰায় ৮ কি: মি: খোজ কাঢ়িবলগীয়া হৈছিল। প্ৰায়ে মই দেৰিকৈ বিদ্যালয়ত উপস্থিত হৈছিলোঁ আৰু তাৰ বাবে শিক্ষকৰ শাস্তিৰ সন্মুখীন হৈছিলোঁ। ভয়তে মই শিক্ষকক দেৰি হোৱাৰ আচল কাৰণটো কেতিয়াও নক'লোঁ। মোৰ মায়ে মোৰ বিদ্যালয়লৈ যোৱা বন্ধ কৰি দিব বুলি ভাবি মই মাৰ লগতো মোৰ কষ্টৰ কথা বিনিময় নকৰিলোঁ। এগৰাকী শিক্ষয়িত্ৰী ছুলেমা খাতুনে মোক সেই সময়ত মানসিকভাৱে বহুত সমৰ্থন কৰিছিল আৰু মোক সাহসী আৰু আত্ম-নিৰ্ভৰ হ'বলৈ আৰু কোনো কাৰণতে শিক্ষা এৰি নিদিবলৈ কৈছিল। ই মোৰ বাবে অতি উৎসাহজনক আছিল।
মেট্ৰিক পৰীক্ষা দিবলৈ মই মহেন্দ্ৰগঞ্জৰ পৰা প্ৰায় ৮০ কি: মি: আঁতৰৰ তুৰালৈ যাবলগীয়া হৈছিল। তাৰ এজন বাসিন্দাই মোক বাসস্থান দি সহায় কৰিছিল আৰু মই ৰন্ধন সঁজুলি আৰু এজন সহায়ক লৈ ১৫ দিনৰ বাবে তাত থাকোঁ। এনেদৰেই মই পৰীক্ষা দিওঁ আৰু ১৯৮১ চনত তৃতীয় বিভাগত সফলতাৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ। আমাৰ পৰিয়ালৰ অৱস্থালৈ চাই ই মোৰ বাবে এক ডাঙৰ সফলতা।
মহেন্দ্রগঞ্জত কোনো কলেজ নাছিল। দুবছৰৰ পিছত এখন কলেজ আৰম্ভ হ'ল, আচেং ৰংমানপা কলেজ। কলেজখনৰ নামটো পূৰ্বৰ লোকসভাৰ অধ্যক্ষ স্বৰ্গীয় পূৰ্ণ এ. চাংমাৰ দেউতাক আৰু শহুৰেকৰ নামৰ আধাৰত দিয়া হৈছে। কলা শাখাত স্নাতক পৰ্যায়ৰ পাঠদান কৰা এই কলেজৰ লক্ষ্য আছিল। পি. এ. চাংমাই এই পদক্ষেপক সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল আৰু প্ৰতিষ্ঠাপকসকলে অধীৰভাৱে শিক্ষাৰ্থী বিচাৰি ফুৰিছিল। সেইবাবে সহজতে মোৰ নামভৰ্তি হৈ গ'ল। মই একাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ। তথাপিও মই কিতাপ আৰু প্ৰেৰণাৰ অভাৱৰ বাবে দ্বাদশ শ্ৰেণী সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ।
মই ভৱিষ্যতে চাকৰি পোৱাৰ আশাৰে স্থানীয় বালিকা প্ৰাথমিক বিদ্যালয় এখনত স্বেচ্ছাসেৱক হিচাপে পঢ়াবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সেইয়াও নহ'ল। কিছুদিনৰ পিছত মই বিদ্যালয়ত পঢ়োৱা বন্ধ কৰি দিনত দুবাৰ টিউচন কৰা আৰম্ভ কৰিলোঁ। ই মোক কিছু উপাৰ্জন দিলে।
এগৰাকী শিক্ষয়িত্ৰীৰ সহযোগত মই নিজকে মহেন্দ্ৰগঞ্জৰ পৰা প্ৰায় ১০ কি: মি: আঁতৰৰ কলাইপাৰাত তাঁত বোৱা প্ৰকল্প এটাত নিয়োজিত কৰাৰ চেষ্টা কৰিলোঁ। তাত কোনো পথ নাছিল আৰু মই সেই ঠাই পাবলৈ বৰষুণৰ মাজেৰে বহুত দূৰ খোজ কাঢ়ি যাবলগীয়া হৈছিল। সম্ভৱতঃ মই অ-জনগোষ্ঠীয় হোৱাৰ বাবে মই নিৰ্বাচিত নহ'লোঁ।
তেনে সময়তে, মই হিন্দী ভাষাৰ এটা পাঠ্যক্ৰম সম্পূৰ্ণ কৰোঁ আৰু ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰোঁ। মই হিন্দীৰ 'বিশাৰদ' (স্নাতক) হ'লোঁ। সেই সময়ত মহেন্দ্ৰগঞ্জত এখন বালিকা উচ্চ বিদ্যালয় খোলা হয় আৰু মই হিন্দী পঢ়োৱাৰ কাম পালোঁ কিন্তু দৰমহা নোহোৱাকৈ। ছয় মাহৰ পিছত ১০০ টকাৰ পাৰিশ্ৰমিক দিয়া হ'ল। দুই বছৰৰ পিছত মোৰ বেতন ১৫০ টকালৈ বৃদ্ধি হয়। মোৰ বেতন ৩০০ টকা হ'বলৈ আৰু ৪ বছৰ লাগিল। ২০০২ চনতহে মই ৩৫০০ টকা দৰমহা পাওঁ। ইয়াৰ বাবে চৰকাৰৰ এটা অনুদানক ধন্যবাদ। যোৱা এবছৰ ধৰি মই মাহে ১১ হাজাৰ টকা উপাৰ্জন কৰিছোঁ।
মোৰ এইবোৰ সফলতাৰ স্বত্তেও, মোৰ সংগ্ৰাম শেষ নহ'ল। মই স্ফুৰ্তিবাজ আছিলোঁ, সাংস্কৃতিক অনুষ্ঠানসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলোঁ। আমাৰ ৰক্ষণশীল সমাজৰ পুৰুষসকলে মোক সমালোচনা কৰিলে আৰু বদনাম উলিয়ালে। এবাৰ মই ১৯৮৯ চনত মোৰ ছাত্ৰীসকলৰ সৈতে এখন ফুটবল খেলত অংশগ্ৰহণ কৰিছিলোঁ। এনে কাম কৰা মই একমাত্ৰ শিক্ষয়িত্ৰী আছিলোঁ আৰু মই গ'লৰক্ষকৰ দায়িত্ব লৈছিলোঁ। ই সমাজৰ পুৰুষসকলক ক্ৰোধান্বিত কৰি তুলিলে। ইয়াৰ ঠিক পিছতে পুৰুষসকলে এখন সভা অনুষ্ঠিত কৰিলে আৰু মোক সামাজিকভাৱে এঘৰীয়া কৰাৰ সিদ্ধান্ত ল'লে। মছজিদত মোৰ দাদাক, এজন ধৰ্মীয় নেতাক প্ৰশ্ন কৰা হ'ল। তেওঁলোকে মোৰ স্বামীকো গোচৰ দিলে। মোৰ স্বামীয়ে মোক প্ৰতিৰক্ষা দিলে আৰু ক'লে যে 'এইখন এখন গণতান্ত্ৰিক দেশ আৰু মই যি ইচ্ছা তাকে কৰিব পাৰোঁ কাৰণ অধিকাৰসমূহ সকলোৰে বাবে সমান।' তেওঁৰ স্থিতিয়ে মোক সমাজৰ এই 'নৈতিক আৰক্ষী' সকলৰ অধিক অত্যাচাৰৰ পৰা ৰক্ষা কৰিলে।
মই মোৰ ব্যক্তিগত জীৱনতো বহুত প্ৰত্যাহ্বানৰ সম্মুখীন হৈছিলোঁ। মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে এজন বিবাহিত ব্যক্তিৰ লগত মোৰ বিয়া ঠিক কৰা হৈছিল। মই সেই মানুহজনৰ অতি ভয়ানক কাহিনী শুনিছিলোঁ। তেওঁ সম্ভৱতঃ নিজৰ পত্নীক ফাঁচি লগাই হত্যা কৰিছিল। গাঁওবাসীৰ হেঁচাত মোৰ মা এই বিয়াৰ বাবে সন্মত হৈছিল। মই এই বিয়াত তীব্ৰভাৱে আপত্তি কৰোঁ আৰু মোৰ খুৰাক এই বিয়া বাতিল কৰিবলৈ কওঁ। বিয়া কৰিবলৈ অমান্তি হোৱাৰ বাবে মোক বেয়া মহিলা বুলি কোৱা হয় আৰু ইয়াৰ বাবে মানুহে মোৰ শিক্ষাক দোষাৰোপ কৰিলে। মই বিয়াৰ পৰিকল্পনা ত্যাগ কৰিলোঁ। মই চাকৰি বিচাৰি আছিলোঁ আৰু বালিকা উচ্চ বিদ্যালয়ৰ চাকৰিটো মোৰ বাবে আশীৰ্বাদ আছিল। তেনে সময়তে মোক আন এজন ব্যক্তিয়ে বিয়াৰ প্ৰস্তাৱ দিয়ে। মই চৰ্ত ৰাখিলোঁ যে মই বিয়াৰ পিছত চাকৰি এৰি নিদিওঁ। মই অৰ্থনৈতিকভাৱে কাৰো ওপৰত বোজা হ'বলৈ বিচৰা নাছিলোঁ। অসমৰ ছাহিনুৰ ইছলাম নামৰ এই মানুহজনে মোৰ চৰ্ত মানি ল'লে আৰু ১৯৮৯ চনত মই তেওঁক বিয়া ক কৰাওঁ। মোৰ স্বামী যদিও স্নাতক আছিল, সেই সময়ত তেওঁৰ হাতত চাকৰি নাছিল। তেওঁ এটা ব্যৱসায় আৰম্ভ কৰিছিল আৰু কোনোমতে পেটে-ভাতে খাই আছিল। মই ১৯৯০ চনত এজনী ছোৱালী জন্ম দিওঁ আৰু ১৯৯৩ চনত এটা ল'ৰা জন্ম দিওঁ। মোৰ ল'ৰাটো জন্ম হোৱাৰ দিনাই মোৰ স্বামীয়ে অসমৰ ঝাগৰাচৰত পঞ্চায়তৰ সম্পাদক হিচাপে ৯০০ টকা দৰমহাৰ এটা চাকৰি পায়। ই আমাৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰে আৰু আমি ঘৰ সাজিবলৈ সৰু মাটি এটুকুৰা লওঁ। দহ বছৰৰ পিছত আমি ঘৰ সাজিব পৰিলোঁ।
মই মোৰ সন্তান কেইটাৰ বাবে সুশিক্ষা সুনিশ্চিত কৰিছিলোঁ। মোৰ সন্তান কেইটাই স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে। মোৰ পুত্ৰ এজন শিক্ষক আৰু তেওঁৰ এখন কম্পিউটাৰৰ দোকান আছে। মোৰ কন্যা বিবাহিত আৰু তেওঁ সুন্দৰকৈ নিজৰ পৰিয়াল চলাই আছে।
মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ শিক্ষা হ'ল যে জীৱনৰ সকলো স্তৰতে বৈষম্য আৰু শোষণ আছে। সেইবাবে মানুহে আনৰ পৰা প্ৰত্যাশা কৰাতকৈ আত্ম-নিৰ্ভৰ হোৱাটো প্ৰয়োজনীয়। জীৱনত সকলোবোৰ এখোজ এখোজকৈহে লাভ কৰিব পাৰি। কোনো বস্তুৱে স্বয়ংক্ৰিয়ভাৱে নাহে। মোৰ দিনতকৈ আজিৰ দিনত সুযোগ সুবিধা বেছি আছে। ছোৱালীবোৰে সেই কথা উপলব্ধি কৰি শিক্ষিত আৰু অৰ্থনৈতিকভাৱে স্বাধীন হোৱা উচিত আৰু মহিলাই সমাজত নিজৰ স্থান দাবী কৰা উচিত। ইয়াৰ বাবে যদি এক সংগ্ৰাম কৰিবলগীয়া হয় তেন্তে তাকো কৰিব লাগে।