প্ৰণামিকা শইকীয়া
মই প্ৰণামিকা শইকীয়া। মোৰ ঘৰ অসমৰ যোৰহাটত। বৰ্তমান মই যোৰহাটৰ পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসত মহিলা সবলীকৰণ প্ৰকল্পত সমন্বয়ক হিচাপে কাম কৰি আছোঁ। আজি মই আপোনালোকক মোৰ কাহিনী ক'বলৈ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ মোৰ কাহিনীয়ে আপোনালোকক কিছু পৰিমাণে হ'লেও অনুপ্ৰাণিত কৰিব। মই এক খোলা মনৰ সাংস্কৃতিক মূল্যবোধসম্পন্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। আমাৰ পৰিয়ালত সদস্য ৪ জন; মা, দেউতা, ভাইটি আৰু মই।
মোৰ শৈশৱত মই সদায় অকশৰীয়াকৈ খেলিছিলোঁ, কেতিয়াও ওচৰৰ লোক/বন্ধুৰ ঘৰলৈ যোৱা নাছিলোঁ। বিদ্যালয়ত মই এগৰাকী বন্ধুৰ লগতেই থাকিছিলোঁ, যাক বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি। মই মানুহৰ লগত বেছিকৈ মিলামিছা কৰা নাছিলোঁ। দশম শ্ৰেণীলৈকে পঢ়া সম্পূৰ্ণ কৰাৰ পিছত জীৱনৰ গতিশীলতা মোৰ বাবে এক ৰূপান্তৰ যেন আছিল। কথাবোৰ এক অপ্ৰত্যাশিত দিশলৈ পৰিৱৰ্তন হ'বলৈ ধৰিলে। মই জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িবলৈ নিৰ্বাচিত হওঁ। তাত নিজকে খাপ খুৱাই লোৱাটো মোৰ বাবে অতি কঠিন আছিল। মোৰ এনে লাগিছিল যেন কোনোবাই মোক এক মানৱশূন্য স্থানলৈ যাবলৈ বাধ্য কৰিলে। মোৰ বাবে বাহিৰৰ জগতখন ক খ গ ৰ দৰেই সহজ। তেনেতে হঠাৎ এদিন বন্ধৰ দিন এটাত, যেতিয়া মই ঘৰত আছিলোঁ তেতিয়া মোৰ এজন অগ্ৰজ ছাত্ৰৰ ফোন আহিল। তেওঁ ক'লে যে তেওঁ মোৰ ঘৰৰ ওচৰতে আছে আৰু মোৰ ঘৰলৈ আহিব বিচাৰে। মই বিদ্যালয়ত পঢ়ি থকা সময়ত প্ৰায়ে মোৰ বন্ধুসকল মোৰ ঘৰলৈ আহিছিল। সেইবাবে মই কোনো শংকা নকৰাকৈ মই তেওঁক মাতি দিলোঁ। তেওঁ তেওঁৰ এজন বন্ধুৰ লগত আহিল। তেওঁৰ বন্ধুজনে মোক সম্বন্ধৰ প্ৰস্তাৱ দিলে য'ত মই অমান্তি হ'লোঁ। যাৰবাবে তেওঁলোকে মোক প্ৰস্তাৱ দিয়া ল'ৰাজনৰ লগত মোৰ ফটো ল'লে। আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত সেই ল'ৰাজনে মোক ম'বাইলত মেচেজ দিয়া আৰু ফ'ন কৰা আৰম্ভ কৰিলে। তেওঁৰ মতে আমাৰ মাজত সম্পৰ্ক আছে আৰু যদি মই প্ৰতিবাদ কৰোঁ তেওঁ আমাৰ ফটো মোৰ পৰিয়ালক দেখুৱাব আৰু আমাৰ মাজত সম্পৰ্ক আছে বুলি জনাই দিব। ভয় আৰু অস্বস্তিৰে মই তেওঁ যি কয় তাকে কৰিবলৈ ধৰিলোঁ কাৰণ মই কাৰোবাক ভাল পাওঁ বুলি মোৰ অভিভাৱকে গম পোৱাটো মোৰ বাবে লাজৰ কথা। মই এনে এজনী ছোৱালী আছিলোঁ যাৰ বাবে অভিভাৱকৰ বিৰুদ্ধে যোৱাটো এক লজ্জাজনক আৰু পাপ কাৰ্য্য। এদিন মোৰ অভিভাৱক ঘৰত নথকা সময়ত তেওঁ আমাৰ ঘৰলৈ আহে আৰু মোৰ এখন নগ্ন ফটো তুলি লৈ যায়। মোৰ বহুত ভয় আৰু চিন্তা লাগিল। মোৰ মনত তেওঁৰ উদ্দেশ্যৰ প্ৰতি সন্দেহ জাগিল কিন্তু মই ইমানেই বিভ্ৰান্ত হৈ পৰিছিলোঁ যে কোনোবাই আনৰ কথা বেয়াকৈ ভাবিব পাৰে বুলি মোৰ বিশ্বাসেই হোৱা নাছিল। অপৰাধ, দুষ্কৰ্ম- এনে ধৰণৰ শব্দবিলাক মই সেই সময়ত বুজিও পোৱা নাছিলোঁ আৰু কাৰোবাৰ এনে নিষ্ঠুৰ মানসিকতাৰ কথা ভাবিবও পৰা নাছিলোঁ। এদিনৰ পিছত তেওঁ পুনৰ মোৰ আন এজন অগ্ৰজ ছাত্ৰৰ লগত মোৰ ঘৰলৈ আহিল। তেওঁলোক তিনিও বন্ধু একেখন বিদ্যালয় জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িছিল। তেওঁ আহি মোক তেওঁৰ জন্মদিন উদযাপনৰ বাবে মতিলে আৰু লগতে যদি মই নাযাও তেন্তে এইবাৰ তেওঁ বেলেগ কিবা কৰিব বুলি মোক ভিতিগ্ৰস্ত কৰিলে। মই তেওঁৰ জন্মদিনলৈ গ'লোঁ, যদিও মই সেই সিদ্ধান্তক লৈ সুখী নাছিলোঁ। কিন্তু মই মোৰ ভাইটিক লগত লৈ যাবলৈ তেওঁৰ সন্মতি ল'লোঁ, মই ভাবিলোঁ যদি মোৰ লগত ভাইটি যায়, যদিও সি বহুত সৰু তথাপি তেওঁলোকে মোৰ সন্মতি অবিহনে মোৰ লগত কিবা কৰিলে সি মোক ৰক্ষা কৰিব পাৰিব। ঘূৰি অহাৰ সময়ত তেওঁ মোক থ'বলৈ আহিল আৰু ভাইটিক তেওঁৰ বন্ধুৱে (যিজনে তেওঁক প্ৰথমবাৰ আমাৰ ঘৰলৈ আনিছিল) থৈ যাব বুলি ক'লে। ঘৰ পোৱাৰ পিছত, যদিও ভাইটি মোতকৈ আগতে আহিছিল, মই তাক ঘৰত নাপালোঁ। মোৰ বহুত ভয় লাগিল। তেওঁ এই পৰিস্থিতিৰ সুযোগ লৈ পুনৰ বলপূৰ্বকভাৱে মোৰ নগ্ন ফটো ল'লে আৰু মই প্ৰতিবাদ কৰি তেওঁৰ হাতৰ পৰা এৰাবলৈ চেষ্টা কৰোঁতে তেওঁ মোক মাৰিলে। ইতিমধ্যে মোৰ ভাইটি আহি পালে আৰু তেওঁ গুচি গ'ল। ইয়াৰ পিছৰ পৰা মই বিষাদগ্ৰস্ত হৈ পৰিলোঁ। মোৰ বন্ধ শেষ হ'ল আৰু এই ঘটনাৰ কেইদিনমান পিছতেই মই মোৰ আৱাসিক বিদ্যালয়লৈ উভতি গ'লোঁ। তেওঁ মোক ভয় খুৱাবলৈ ধৰিলে যে যদি মই তেওঁক এৰি দিওঁ তেওঁ মোৰ ফটোবোৰ প্ৰচাৰ কৰি দিব। কিন্তু এদিন মোৰ বন্ধুৰ পৰা সাহস পাই মই তেওঁক ক'লোঁ যে মই তেওঁক ভাল নাপাওঁ আৰু মই তেওঁৰ লগত সম্বন্ধ ৰাখিব নোৱাৰোঁ। তেওঁ বহুত নাটক কৰিলে কিন্তু মই গুৰুত্ব নিদিলোঁ। মোৰ স্বাস্থ্য অতি বেয়া হৈ গ'ল যাৰ বাবে মই ছুটি লৈ ঘৰলৈ আহিবলগীয়া হ'ল। মই ঘৰত থকা সময়ত এজন অচিনাকি ল'ৰা আমাৰ ঘৰলৈ আহিল আৰু নিজৰ ম'বাইলত দূৰৰ পৰা এখন ফটো দেখুৱালে। অস্পষ্ট ফটোখন দেখি মই সেইখন মোৰ ফটো বুলি ভাবিলোঁ আৰু মাক সুধিলোঁ যে মোৰ লেপটপ কোনোবাই ব্যৱহাৰ কৰিছিলে নেকি। তেওঁ মোৰ মাৰ ফোন নম্বৰ লৈ গুচি গ'ল। এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিল। মই অতি কম সময়তহে ফোন উঠাও সেইবাবে মই মাক ফোনটো উঠাবলৈ দিলোঁ। মায়ে ফোন কৰা মানুহজনে মোক বিচৰা বুলি ক'লে। তেওঁ ক'লে যে কোনোবাই মোৰ নগ্ন ফটো প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে। লগতে তেওঁ মোক লগ কৰাৰ প্ৰস্তাৱ দি ক'লে যে যদি মই তেওঁক লগ কৰোঁ তেওঁ মোৰ ফটোবোৰ ইণ্টাৰনেটত প্ৰচাৰ হোৱাৰ পৰা ৰক্ষা কৰিব। মই অনুভৱ কৰিলোঁ যে এইবাৰ মই মাক সকলো কথা ক'ব লাগিব। মায়ে ল'ৰাজনক মাতিলে আৰু তেওঁৰ হাতত থকা ফটোখন মোৰ ফটোখনেই আছিল। মায়ে ল'ৰাজনৰ অভিভাৱকক মাতিলে আৰু তেওঁলোকে এই সকলোবোৰৰ বাবে মোক জগৰীয়া কৰিলে আৰু তেওঁ তেওঁৰ অপৰাধ অস্বীকাৰ কৰিলে। মায়ে মোক গোচৰ দিবলৈ সেই সময়ৰ (২০১২ চনৰ) আৰক্ষী অধীক্ষক সংযুক্তা পৰাশৰৰ ওচৰলৈ লৈ গ'ল। তেওঁ মোক আৰু মোৰ মাক সান্ত্বনা দিলে যে ল'ৰাজনক গ্ৰেপ্তাৰ কৰা হ'ব আৰু তেওঁক তেওঁৰ অপকৰ্মৰ বাবে জেললৈ প্ৰেৰণ কৰা হ'ব। মই কাৰ্বি আংলঙৰ ডিফুৰ মোৰ আৱাসিক বিদ্যালয়লৈ ঘূৰি গ'লোঁ।
৪-৫ দিনৰ পিছত মোক যোৰহাটৰ আৰক্ষী অধীক্ষক সংযুক্তা পৰাশৰে মাতিলে। মই বিদ্যালয়ৰ পৰা ছুটি লৈ তেওঁক লগ কৰিবলৈ গ'লোঁ। মই আৰু মোৰ মায়ে গোটেই দিনটো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁৰ বাবে অপেক্ষা কৰিলোঁ। তেওঁ অভিযুক্তৰ পৰিয়ালৰ লগত আহিল। তেওঁ মোক, মোৰ মাক আৰু অভিযুক্তক নিজৰ কোঠালৈ মাতিলে আৰু মোক বুজাপৰা কৰিবলৈ ক'লে। যেতিয়া মই প্ৰতিবাদ কৰিলোঁ তেতিয়া মোক গালি পাৰিলে আৰু মোৰ মাক এইবোৰৰ বাবে জগৰীয়া কৰিলে। মোৰ মা সেই সময়ত গাওঁৰক্ষী বাহিনীৰ সম্পাদক আছিল। মোৰ মাক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হ'ল আৰু কোৱা হ' ল যে যি নিজৰ সন্তানৰ যত্ন ল'ব নোৱাৰে তেওঁ সমাজৰ দায়িত্ব কেনেকৈ ল'ব। তেওঁ আমাক আগতে দেখুওৱা সান্ত্বনা সকলো কৃত্ৰিম আছিল।
পিছদিনা আমি স্থানীয় সাংবাদিকৰ পৰা ফোন কল পাওঁ যে যেতিয়া আৰক্ষীয়ে অভিযুক্তক এৰি দিছিল তেতিয়া আমি কি কৰি আছিলোঁ। আমাৰ ঘৰলৈ কিছুমান স্থানীয় সাংবাদিক আহিলে, তেওঁলোকে মোক এটা সাক্ষাৎকাৰ দি গোটেই কাহিনীটো ক'বলৈ জোৰ কৰিলে। এই সকলোবোৰ সেই সময়ত মোৰ বাবে অতি ভয়ংকৰ আছিল। বহুত অস্বস্তিৰে মই সাক্ষাৎকাৰ দিলোঁ। সাক্ষাৎকাৰৰ পিছত মোৰ কাহিনীৰ এটা বাতৰি দূৰদৰ্শনত পৰিবেশন কৰা হ'ল। মই মোৰ বিদ্যালয়ৰ মোৰ প্ৰিয় বন্ধুৰ পৰা দূৰ হৈ গ'লোঁ যি মোৰ জীৱনৰ আটাইতকৈ দুখৰ ঘটনাবোৰৰ মাজৰ এটা, কাৰণ তাই মোৰ বাবে সকলো আছিল। মোৰ আত্মীয়, বন্ধু আৰু সমাজৰ পৰা মই অপমান পাবলৈ ধৰিলোঁ, তেওঁলোকে ভুক্তভোগীৰ গাত দোষ দিয়া কেতিয়াও বন্ধ নকৰে। মোক বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰাত বাধা দিয়া হ'ল আৰু কোৱা হ'ল যে মই বিদ্যালয়লৈ বদনাম কঢ়িয়াই আনিছোঁ। কিন্তু সেই ল' ৰাজনে সেই বিদ্যালয়তে কোনো অসুবিধা আৰু চিন্তা নোহোৱাকৈ শান্তিৰে পঢ়ি আছিল।
তাৰ পাছত মোৰ মায়ে জৰুৰী সহায় আৰু সমৰ্থনৰ বাবে স্থানীয় বেচৰকাৰী সংস্থা পূৰ্ব ভাৰতী শৈক্ষিক ন্যাসৰ লগত যোগাযোগ কৰিলে। আৰু তেওঁলোকে মোৰ সহায়ৰ বাবে কাৰ্বি আংলঙৰ স্থানীয় ব্যক্তিৰ লগত যোগাযোগ কৰিলে। তাৰ পাছত মোক তাত মোৰ শিক্ষা আগবঢ়াবলৈ দিলে। আমাক পুনৰ গোটেই ঘটনাটো আৰু সেই ল'ৰাজন মই পঢ়ি থকা বিদ্যালয়খনৰ নহয় বুলি বাতৰকাকতত প্ৰকাশ কৰিবলৈ দিলে।
মোৰ ঘটনাটো চি আই ডি বিভাগৰ হাতলৈ গ'ল। মই মোৰ পুৰণা বন্ধুবিলাকৰ পৰা আঁতৰ হৈ গ'লোঁ; তেওঁলোকে মোৰ ফোন নুঠোৱা হ'ল, মোলৈ ফোন নকৰাও হ'ল। সমাজৰ পৰা প্ৰতিদিনে পোৱা লজ্জা আৰু অপমানজনক মন্তব্যই মোক মানসিকভাৱে দুৰ্বল কৰি পেলালে। ইয়াৰ পিছত মই চিকিৎসাৰ বাবে চিকিৎসকৰ ওচৰলৈ গ'লোঁ। মই নিচাসক্ত হৈ পৰিলোঁ। বহুবাৰ আত্মহত্যা কৰাৰো চেষ্টা কৰিলোঁ। মোৰ মায়ে মোৰ ওচৰত ঔষধ থকাটো বেছি বিপদজনক বুলি ভাবি মোক চিকিৎসকৰ ওচৰলৈ লৈ নগ'ল। তেওঁ মোৰ ঔষধ কিনা বন্ধ কৰি দিলে। তথাপিও মই প্ৰথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ যিটো মোৰ বাবে অতি উৎসাহজনক আছিল। এই সময়ছোৱাত আৱাসিক বিদ্যালয়ত থকা মোৰ প্ৰিয় বন্ধুৱে মোক সদায় সহায় কৰিছিল। তেওঁলোকে মোক সকলো প্ৰকাৰে সমৰ্থন কৰিছিল।
মই সদায় যিমান পাৰোঁ সিমান পঢ়িবলৈ আশা কৰিছিলোঁ, মোৰ দেউতাৰ পৰা এজন শিক্ষিত ব্যক্তি হ'বলৈ অনুপ্ৰেৰণা পাইছিলোঁ। সেইবাবে ২০১৩ চনত মই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত নামভৰ্তি কৰিলোঁ। মই ৰাজনীতি বিজ্ঞান মোৰ বিষয় হিচাপে ল'লোঁ, প্ৰক্ৰিয়াটো কেনেদৰে চলে জানিবলৈ বিচাৰিছিলো। মই ভাবোঁ মোৰ লগত ঘটা ঘটনাটোৱে মোক এইবোৰ অন্তৰৰ পৰা ভাবিবলৈ বাধ্য কৰালে কাৰণ আগতে মই সমাজ কি, আমি কেনেদৰে এই ব্যৱস্থাত সোমাই আছোঁ এই কথাবোৰ ভালদৰে বুজি পোৱা নাছিলোঁ।
বছৰ বছৰ পাৰ হৈ গ'ল, সমাজৰ অপমানজনক মন্তব্য এতিয়াও চলি আছে। মোৰ জীৱনো মোৰ দৰে আনে যাতে কষ্ট পাবলগীয়া নহয় তাৰ বাবে সমাজৰ পৰিৱৰ্তন দেখিবলৈ পোৱাৰ আশাত আগবাঢ়ি গৈ আছে। মোৰ মাদক দ্ৰব্যৰ প্ৰতি আসক্তি বাঢ়ি যাবলৈ ধৰিলে কাৰণ মই পেয়িং গেষ্টত অকলে থাকিছিলোঁ আৰু মই অতি কমেই বন্ধুৰ লগত অন্তৰংগ হৈছিলোঁ। মই তেওঁলোকৰ লগত অতি কম মিলামিচা কৰিছিলোঁ কাৰণ মই ভয় কৰিছিলোঁ যে যদি তেওঁলোকে মোৰ অতীতৰ কথা গম পায় তেওঁলোকেও মোৰ সংগ এৰি দিব।
২০১৫ চনত, এদিন মই কলেজৰ পৰা মোৰ ষষ্ঠ চেমিষ্টাৰৰ প্ৰৱেশপত্ৰ আনিবলৈ যাওঁতে এজন অচিনাকী ল'ৰা মোৰ ওচৰলৈ আহি তেওঁ মোক চিনি পায় ইত্যাদি কথা ক'বলৈ ধৰিলে। মই তেওঁক গুৰুত্ব নিদিলোঁ কাৰণ মই গম পাইছিলোঁ যে তেওঁ কিবা উদ্দেশ্য লৈ মোৰ ওচৰলৈ আহিছে আৰু মই তেওঁক গুৰুত্ব নিদি গুচি গ'লোঁ। কলেজৰ পৰা ওলাই অহাৰ সময়ত মই তেওঁক প্ৰায় ১০ জনমান ল'ৰাৰ লগত বলেৰ' বাহনত দেখিলোঁ। মই ওলাই আহিবলৈ বহুত ভয় খালোঁ আৰু মোৰ মালৈ ফোন কৰিলোঁ, কাৰণ মই জানিছিলোঁ যে সেই সময়ত কেৱল মায়েহে মোক সাহস দিব পাৰিব। তেওঁ সদায় কৰাৰ দৰেই মোক সাহস দিলে। মই সম্পূৰ্ণ আত্মবিশ্বাসে ৰে ওলাই আহিলোঁ আৰু তেওঁলোকে মোক একো কৰিব নোৱাৰিলে। কিন্তু মই তেওঁলোকৰ কাষেৰে পাৰ হৈ যাওঁতে তেওঁলোকে মোৰ ওচৰলৈ অহাৰ চেষ্টা কৰিছিল কিন্তু ঠাইডোখৰ ৰাজহুৱা স্থান হোৱাৰ বাবে আৰু মই বন্ধুৰ লগত বাবে তেওঁলোক মোৰ ওচৰলৈ আহিব নোৱাৰিলে। মই মোৰ লগত কি হৈ আছে কাকো জানিবলৈ নিদি নিজকে মোৰ কোঠাৰ চাৰি বেৰৰ মাজত আবদ্ধ কৰি ল'লোঁ। পুনৰ সেই একেই অনুভৱ, যদি কোনোবাই গম পায় কি হৈছিল, তেওঁলোকে মোৰ লগত ওলাই যোৱা বন্ধ কৰি দিব, তেওঁলোকেও মোক সমাজে চোৱাৰ দৰেই চাব।
২০১৬ চনত মই প্ৰথম বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। এদিন হঠাৎ পৰীক্ষা দিয়াৰ আগতে মোৰ মনলৈ সামাজিক সমস্যাবোৰৰ কাৰণ জনা, সকলো সমস্যা স্থবিৰ কৰি দিয়া আৰু মানুহৰ কষ্ট কিছু পৰিমাণে শেষ কৰাৰ চিন্তা জাগিল। এইটো কৰাৰ বাবে মই অপৰাধ তত্ত্ব বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম কৰাৰ কথা চিন্তা কৰিলোঁ। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অপৰাধতত্ত্ব বিভাগৰ প্ৰৱেশিকা পৰীক্ষা আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ মই মোৰ সপোন দিঠকত পৰিণত কৰিলোঁ। মই অপৰাধ তত্ত্ব আৰু অপৰাধী বিচাৰ বিজ্ঞানত মোৰ স্নাতকোত্তৰ পাঠ্যক্ৰম প্ৰথম বিভাগত সম্পূৰ্ণ কৰিলোঁ। পঢ়ি থকা সময়ত মই এনে কিছুমান কথা শিকিলোঁ যিবোৰে মোক অধিক আত্মবিশ্বাসী আৰু সাহসী কৰি তুলিলে। আৰু মোক এনে এজন অপৰাধতত্ত্ববিদ হোৱাত সহায় কৰিলে যি এতিয়া কোনো অপৰাধীলৈ ভয় নকৰে।
মই কেতিয়াও মোৰ সমস্যাবোৰক মোৰ শিক্ষাত ব্যাঘাত ঘটাবলৈ দিয়া নাছিলোঁ কাৰণ মই শিক্ষাৰ যোগেৰে বিভিন্ন কথা আৱিষ্কাৰ কৰিবলৈ ভাল পাওঁ। যদি আপুনি শিক্ষিত হয় তেন্তে আপোনাক জীৱনত সফল হোৱাৰ পৰা কোনেও ৰখা লব নোৱাৰে। মোৰ বাবে "শিক্ষাই এজন ব্যক্তিক স্বাধীন আৰু সাহসী কৰি তোলে।"
মই আদালতত মোৰ গোচৰত নিজিকিব পাৰোঁ কিন্তু মই জানো মই তেতিয়াই জিকিম যেতিয়া মই এই সমস্যাবোৰক মোৰ সপোন সাৰ্থক কৰাত বাধা দিবলৈ নিদিম।
শেষত মই ক'বলৈ বিচাৰোঁ যে "সদায় এনে কাম কৰাৰ সপোন দেখক যি কামে বহুতৰ মুখলৈ হাঁহি আনিব পাৰে, বিভ্ৰান্তিৰ সৃষ্টি কৰিব পৰা হুলস্থুলবুৰলৈ কেতিয়াও গুৰুত্ব নিদিব।"