বুলবুলি গড়

নাম: বুলবুলি গড় বয়স: ২৫ বছৰ

দেউতা: ইন্দ্ৰ গড়

মাতৃ:মালতী গড়

ঠিকনা: নগাবাট গাঁও, ডাকঘৰ : ৰাইডাংজুৰি ৭৮৬৫৩১

থানা: বৰহোলা, যোৰহাট অসম

২০১১ চনত মেট্ৰিক পাছ কৰিলোঁ। মা-দেউতাই কোনোমতে মেট্ৰিকলৈকে পঢ়িবলৈ দিলে। তাৰ পাছত পঢ়া-শুনাৰ খৰচ বাঢ়িল কাৰণ কাপোৰ, কিতাপ- বহী, নামভৰ্তিৰ টকা, ফৰ্ম ফিলআপ, ১৩ কি:মি অহা যোৱা ভাড়া আদিৰ বাবে পঢ়াবলৈ অসুবিধা পাইছিল ।ঘৰখন কেৱল খেতিৰ ওপৰত নিৰ্ভৰ কৰে। তাতে দেউতাই মদ পান কৰি সদায় অত্যাচাৰ চলায়। যাৰ বাবে ঘৰৰ বাকী সদস্যসকলেও থাকিব নোৱাৰা অৱস্থা। গৰম ঠাণ্ডা হ'লে বাহিৰতে ৰাতিটো কটাবলগীয়া হয়। এনে পৰিৱেশত পঢ়ি মেট্ৰিক দিছিলোঁ। পূৰ্বৰ দিনৰ পৰা চলি অহা মনোভাৱ যে ছোৱালী অৰ্থহীন। মোৰ পঢ়িবলৈ ইচ্ছা থাকিও মনৰ কথা ক'ব পৰাকৈ পৰিস্থিতি পোৱা নাছিলোঁ। ঘৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি বাইদেউয়ে আত্মহত্যা কৰিবলৈও চেষ্টা চলাইছিল। দাদা প্ৰায়ে বেলেগৰ ঘৰত থাকে। আনকি মায়েও কেইবাবাৰো আত্মহত্যা কৰিবলৈ চেষ্টা চলাইছিল। দেউতাই ঘৰৰ মাটি সম্পত্তি, গৰু, হাঁহ কুকুৰা বিক্ৰী কৰে কেৱল মদৰ বাবে।এনেকুৱা পৰিস্থিতিৰ বাবে ওচৰ চুবুৰীয়াও অশান্তি পাইছিল। ২০১১ চনৰ মে' মাহত পূৰ্বভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ কৰ্মীসকল আমাৰ ঘৰলৈ গৈ মা- দেউতাৰ লগত কথা পাতে। মোৰ পঢ়া শুনাৰ খৰচ একেবাৰে নিম্নমানৰ হ'ব বুলি জনায়। তাৰ পাছত দেউতাই মাক ক'লে যে ইমান দূৰ গৈ পঢ়িব নালাগে, ইমান পঢ়ি কি কৰিব, ঘৰতে থাকি পঢ়িলেও হ'ব। মা দেউতাৰ মাজত তৰ্ক- বিতৰ্ক হোৱাৰ পাছত ভাবিলো পঢ়িবলৈ নাযাও। গাঁৱৰ মানুহেও নানা ধৰণৰ কথা দেউতাক কয়। পূৰ্বভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ কৰ্মীসকলে মা দেউতাৰ লগত ফোনযোগে কথা পাতি বুজায়।আনকি তেওঁলোকে দাদাৰ লগতো কথা পাতে। অৱশেষত দাদাই সম্পূৰ্ণ দায়িত্ব লৈ মোক যোৰহাটলৈ পঢ়িবলৈ পঠায়। উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লো। তাৰ পাছত পুনৰ চিন্তাই আৱৰি ধৰিলে যে এতিয়া কি কৰিম? ঘৰত এনেকুৱা পৰিস্থিতিত থাকিব নোৱাৰোঁ। এনেতে পূ. ভা এ ট্ৰা শিক্ষক চিনামৰা কলেজত সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ কথা পাতি দিয়ে। পূ ভা জু ক আৱাসগৃহত থাকি স্নাতক ডিগ্ৰী ভাল নম্বৰসহ উত্তীৰ্ণ হও। তাৰ পাছত পূ ভা এ ট্ৰা কাম কৰো। কাম কৰা বিনিময়ত বেতনৰ টকাৰে স্নাত্তকোত্তৰ ডিগ্ৰী আৰু Early child development এবছৰীয়া পাঠ্যক্ৰম শেষ কৰো। সমাজৰ কাম কৰি যেন সমাজৰ লগত ওত:প্ৰোতভাবে জড়িত হৈ পৰিছো। তাৰে ভিতৰত শিক্ষাৰ্থীসকলক বহী, কলম, পেঞ্চিল, সুৰা সামগ্ৰী প্ৰদান কৰি মনত শান্তি অনুভৱ কৰো। কাৰণ এসময়ত মই ও অন্য ব্যক্তিৰ সহায়ৰ বাবে পঢ়িব পাৰিলো। ঘৰৰ মাটি বাৰীৰ কাগজ পত্ৰ খেলি- মেলি হৈ আছিল। দেউতাই টকা ধাৰ লৈছিল। সেই কাগজ পত্ৰ, ধাৰ ঋণ শেষ কৰা হ'ল। মাটিৰ খাজানা, ঘৰৰ সিন্ধান্ত মই ল'বলগীয়া হয়। বৰ্তমান মা দেউতা, দাদাই মোৰ পৰামৰ্শ মতে কাম কৰে। সমাজতো সকলোৱে মৰম সন্মান দিয়ে। ব্যক্তিৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ হ'লে শিক্ষাৰ অত্যন্ত প্ৰয়োজন। সেই শিক্ষা পাঠ্যপুথি নতুবা বাহিৰৰ অভিজ্ঞতাৰ পৰাও হ'ব পাৰে।