মৃদুলা কলিতা
মোৰ কথা ক'বলৈ হ'লে মোৰ গাঁও খনৰ কথা ক'বই লাগিব। কাৰণ ধনশিৰি নৈৰ বোৱতি ধাৰাৰ লগত মোৰ জীৱন জড়িত হৈ আছে। গোলাঘাটৰ ধনশিৰি নৈৰ পাৰত, কুমাৰপট্টি নামৰ এখন অতি পিছ পৰা ঠাইত এটা সাধাৰণ পৰিয়ালত মোৰ জন্ম। দেউতা আছিল আধিয়াৰ খেতিয়ক আৰু কুমাৰ। আধা খেতিয়ক আধা শ্ৰমিক। অভাৱে জুৰুলা কৰা এটা পৰিয়াল। যদিও গোলাঘাটৰ ২ নং ৱাৰ্ড পৰে তথাপি মই গাঁও বুলি কৈ ভাল পাওঁ। আমি কুমাৰ মানুহ। সৰুতে চৰাই চিৰিকটিৰ মাতত নহয়, কুমাৰ মাটি খুন্দা বলিয়াৰ মাতত সাৰ পাওঁ।
এটা কঠোৰ সংস্কাৰী পৰিয়াল। আইতাই স্কুলৰ পৰা অহাৰ পাছত কাপোৰ খুলিহে ভিতৰত সোমাবলৈ দিছিল। ভাতৰ চৰুত সোমাবলৈ নিদিছিল। মাটিৰে এটা আলি বনাই থৈছিল। আলিটো পাৰ হ'লে আইতাই ভাত নাখায়। আৰু মই প্ৰায়ে সেই আলিটো পাৰ হৈ থাকোঁ। মায়ে গালিও দিয়ে, মাৰেও। নিয়মবোৰ নামানো কাৰণে মাৰ গালি আৰু মাৰ খাওঁ। মাৰ এটাই কথা ছোৱালী হ'লে নিয়ম মানিবই লাগিব, আমিও মানিছিলোঁ। আইতাই মোক গালি নাপাৰে, কিন্তু ভাত নোখোৱাৰ বাবে দুখ লাগে। মোকযে নিয়মটোৰ কাৰণ ক'ব নোৱাৰে সেয়ে ময়ো বাৰে বাৰে সেই নিয়ম ভাঙি গৈছিলোঁ। নিয়ম ভঙাৰ যুদ্ধখন তেতিয়াই আৰম্ভ কৰিছিলোঁ। যুক্তিগ্ৰাহ্য উত্তৰ নাপালে মই কোনো নিয়ম নামানো বুলি ঘৰত সোঁৱৰাই দিলোঁ। কিন্তু মাৰো কঠোৰ নিৰ্দেশ -- হগা গা আৰু নোৱাৰা হোৱা চোৱা মানিবই লাগিব। তাকো নমনাৰ কাৰণে কিমান যে শাও খাইছোঁ! সেই শাওবোৰ এতিয়া মোৰ কাৰণে আশীৰ্বাদ হৈ পৰিল। এতিয়া মায়ে মাত্ৰ কয় -- তইতো চোৱা নিকা একো নামানই।
নৱম শ্ৰেণীৰ পৰা মই নাস্তিক হোৱাৰ কছৰৎ কৰিছোঁ। বিজ্ঞান মনস্ক আৰু যুক্তিবাদী কিতাপবোৰ পঢ়িছিলো। সৰুৰে পৰা কিতাপৰ পোক বুলিয়ে মোক জানে। আগতে যুক্তি নজনাকৈ নিয়ম ভাঙিছিলো আৰু পিছলৈ যুক্তিসহকাৰে নিয়ম ভাঙিব পৰা হ'লো। ঈশ্বৰ বিশ্বাস সমূলি মনৰ পৰা লুপ্ত হ'ল।
পঢ়াৰ ক্ষেত্ৰত মই কোনোদিনে বাধা পোৱা নাই, বাধা হৈছিল দৰিদ্ৰতা। নিদাৰুণ দাৰিদ্ৰই আমাৰ সাতজনীয়া পৰিয়ালটো কোঙা কৰি ৰাখিছিল। তৃতীয়- চতুৰ্থ শ্ৰেণীতে পেহীৰ ক্ষেত্ৰত হোৱা নাৰী নিৰ্যাতনৰ সৈতে পৰিচিত হৈছিলোঁ। তেতিয়াই বিয়াৰ প্ৰতি মোৰ মনত বিতৃষ্ণা আৰু ভয় সোমাইছিল।
দেউতা গাঁৱৰ মূল বায়ন হোৱা বাবে সৰুৰে পৰা এটা সাংস্কৃতিক পৰিৱেশ পাইছোঁ। স্বাভাৱিকতে সৰুৰেপৰাই আছিলোঁ ভাওনা সবাহ গীত ভাল পোৱা ধৰণৰ। ক্লাছ টেন মানৰ পৰা সাহিত্য চৰ্চাতো হাত দিওঁ। গোলাঘাটৰ পৰা ওলোৱা ধনশিৰি আৰু দৃষ্টিকোণ নামৰ দুখন সাপ্তাহিক কাকতৰ সৈতে লিখাৰ জৰিয়তে জৰিত হৈ পৰিছিলোঁ। গোলাঘাট সাহিত্য সভাৰ কাৰ্য্যবাহী সদস্যও আছিলোঁ।
গাঁৱৰ ল'ৰা ছোৱালী খিনিক আগবঢ়াই নিবৰ বাবে ১৯৯৬ চনতে নগৰ অঞ্চলত প্ৰথমটো মইনা পাৰিজাতৰ শাখা খুলিছিলোঁ। গাঁৱৰ ল'ৰা ছোৱালী খিনিক আগবঢ়াই নিয়াটো মোৰ সৰুৰ পৰাই এক সপোন আছিল। মইনা পাৰিজাতৰ জৰিয়তে সেইখিনি পূৰ্ণ হৈছিল। নৱ আলোক মইনা পাৰিজাতে গাঁও খনক প্ৰতিষ্ঠা কৰিছিল।
সৰলভাৱে গৈ থকা জীৱনটোত ২০০০ চনটো এক টাৰ্নিং পইণ্ট হৈ পৰিছিল। দৰিদ্ৰতা আৰু অভাৱৰ সৈতে যুদ্ধ কৰি কৰি এম এ পঢ়িবলৈ গ'লো। তাত থাকোঁতে টিউচন কৰি অলপ খৰচ যোগাৰ কৰিছিলোঁ। ডিব্ৰুগড়ত থাকোতেই গণ সংস্কৃতি সুৰক্ষা পৰিষদ নামৰ অনুষ্ঠানটোৰ সৈতে জড়িত হওঁ। কাকপথাৰত বিষ্ণুৰাভা দিৱস উদযাপন কৰোঁ। গাঁও অঞ্চলত গণ সংস্কৃতিৰ বিভিন্ন কাৰ্যসূচী পৰিচালনা কৰোঁ। এই অনুষ্ঠানৰ মাজেদিয়ে মই বৈপ্লৱিক সংগ্ৰামী ধাৰাটোৰ সৈতে পৰিচিত হৈছিলোঁ। অৱশ্যে কলেজত পঢ়ি থকাৰ সময়তে মই ৰাডুগা প্ৰকাশনৰ ৰাছিয়াৰ বিপ্লৱৰ গ্ৰন্থসমূহ পঢ়ি বৈপ্লৱিক চেতনা ভিতৰি জাগ্ৰত হৈ আছিল। ২০০৫/০৬/০৭ চনত কাছ, নাছ, মাছ আদি সংগঠনৰ নেতৃত্বত অনুষ্ঠিত ৰাষ্ট্ৰসন্ত্ৰাস বিৰোধী সভাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰোঁ। এইখিনি সময়তে মই প্ৰায় তিনি বছৰ ধৰি বাতবিষত শয্যাশায়ী হ'ব লগা হয়। সৰুৰে পৰাই মই বৰ ৰোগীয়া আৰু ক্ষীণাঙ্গী আছিলোঁ। বেমাৰৰ কাৰণে সদায় পিছ পৰি থাকোঁ। বাতবিষে আজিও মাজে মাজে জুমুৰি দি ধৰে। এতিয়া ৰাজহাড়ৰ বিষতো মাজে মাজে কোঙা হৈ পৰোঁ।
এইখিনি সময়তে মই অসমৰ আৰ্থ-ৰাজনৈতিক ভিত্তিত লিখা-মেলা কৰিবলৈ লওঁ। ইতিমধ্যে বহু আলোচনী, বাতৰি কাকতত মোৰ লিখা প্ৰকাশ পাইছে। এখন জীৱনী গ্ৰন্থ, দুখন অনুবাদ আৰু এখন সম্পাদনা গ্ৰন্থ প্ৰকাশ হৈছে। দুখন প্ৰকাশ কৰিব পৰা অৱস্থাত আছে।
মোৰ এটা লক্ষ্য আছিল এটা মহিলা সংগঠনৰ জৰিয়তে প্ৰগতিশীল ধাৰাৰে শিক্ষিত এখিনি শক্তিশালী মহিলা নেতৃত্ব সৃষ্টি কৰা। মই কিবা এটা কাম কৰিম বুলি ভবাৰ লগে লগে সেই কাম নকৰালৈকে শান্তি নাপাওঁ। সেই চিন্তাৰ পৰিণতি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ জন্ম আৰু সম্পাদিকা হিচাপে দীৰ্ঘ ছয়বছৰ তাৰ দায়িত্ব পালন।
মেট্টিকৰ পিছৰ পৰাই মই টিউচন কৰোঁ। ঘৰ চলাওঁ। টিউচনৰ এটা ফিজ সদায় ক'ৰবাত যাবৰ বাবে সাঁচি থওঁ। ২০০৮ -১০চনত মই কম্পিউটাৰ চেণ্টাৰ চলাইছিলোঁ। ২০১০ চনত কম্পিউটাৰ চেণ্টাৰ বন্ধ কৰি, বিক্ৰী কৰি নাৰী মুক্তিত জঁপিয়াই পৰোঁ। অসমৰ ইমূৰৰপৰা সিমূৰলৈকে ঘূৰি সংগঠন গঢ়িলোঁ
আন্দোলন গঢ়ি তুলিলোঁ। নাৰী আন্দোলনৰ লগে লগে কৃষকৰ আন্দোলনকো সক্ৰিয়ভাৱে আগবঢ়াই নিলোঁ। নাৰী মুক্তিৰ কেন্দ্ৰীয় দায়িত্ব পালন কৰিও কৃষক মুক্তি তিনিচুকীয়া জিলাৰ সম্পাদিকাৰ দায়িত্বও সমানে বহন কৰিছিলোঁ।
সংগঠনত থাকোতেই কৃষক মুক্তিৰ যোৰহাট জিলাৰ সম্পাদক বিতোপন দুৱৰাৰ সৈতে সামাজিক ভাৱে সাংগঠনিক নিয়মত বিবাহ সম্পন্ন হয়। সেই সময়ত লক্ষীমপুৰত নদীবান্ধ বিৰোধী আন্দোলন চলি আছিল। আমি দুইজন আগদিনা আহি পিছদিনা বিয়াত বহোঁ। বিয়াৰ তাৰিখ আগতিয়াকৈ ঠিক কৰি ঘৰৰ মানুহৰ চকুত টোপনি নাই। ইফালে আমাৰ চকুত টোপনি নাই ৰাতি ৰাতি নদীবান্ধৰ গাড়ী ৰাখি। বাহি বিয়াৰ পিছদিনাই আমি দুইজন নদীবান্ধ আন্দোলনলৈ একগাড়ী মানুহ লৈ ৰঙানদীলৈ ৰাওনা হওঁ। সংগ্ৰামী আদৰ্শৰে মই আজিও শিৰত সেন্দূৰ নলওঁ, ওৰণি কোনোদিনে লৈ পোৱা নাই। এখন কঠোৰ সংস্কাৰযুক্ত সমাজৰ বিৰুদ্ধে, সমাজৰ প্ৰচলিত নিয়ম উলঙ্ঘা কৰি নিজৰ সংগ্ৰামী সত্তা জীয়াই ৰখাৰ ক্ষেত্ৰত বিতোপন সদায় মোৰ ঢাল হিচাপে থিয় দি আহিছে।
সংগঠনৰ মাজত থকা পুৰুষতান্ত্ৰিকতাই মহিলাক সদায় আগভেটি ধৰে। কৃষক মুক্তিও তাৰ ব্যতিক্ৰম নহয় । প্ৰায় ছয় বছৰীয়া সংগ্ৰামী যাত্ৰাৰ ফল অৱশেষত মই আৰু আমাৰ সৰহসংখ্যক সতীৰ্থই সংগঠনৰ পৰা পদত্যাগ কৰোঁ। খুউব হতাশ হৈছিলোঁ সেইসময়ত। শাৰীৰিক, মানসিক আৰু আৰ্থিক দুৰ্যোগত বিমূঢ় হৈছিলোঁ। কৰ্মৰ মাজেৰে পুনৰ নিজকে জীপাল কৰি তুলিছিলোঁ।
২০১৭ চনৰ পৰা পূৰ্ব ভাৰতী এডুকেশ্যনেল ট্ৰাষ্টৰ সক্ৰিয় কৰ্মী হিচাপে কৰ্মৰত হৈ আছোঁ। মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ, শ্ৰমিক-কৃষকৰ অধিকাৰ লৈ পৰা সংগ্ৰামৰ পথত থিয় দি আছোঁ। সামন্ততান্ত্ৰিক, পুঁজিবাদ, সাম্ৰাজ্যবাদৰ বিৰুদ্ধে নিজৰ স্পষ্ট মতাদৰ্শৰ পথত সদায় থিয় দি আছোঁ। মহিলাৰ সংগ্ৰামৰ পতাকাখন সদায় উৰ্ধত তুলি ধৰাটোৱে হৈছে জীৱনৰ লক্ষ্য। বহু সংঘাত, বহু দ্বন্দ্ব, বহু আৰ্থিক অনাটন, ভঙ্গুৰ শৰীৰ লৈও সংগ্ৰামৰ পথত জীয়াই আছোঁ। জীৱনৰ গতি থকালৈকে সংগ্ৰাম অব্যাহত থাকিব। ইনক্লাৱ জিন্দাবাদ।