ৰাধিকা দেৱী
[এই সপ্তাহত আমি আপোনালোকৰ বাবে যোৰহাটৰ শাক- পাচলি বিক্ৰেতা ৰাধিকা দেৱীৰ কাহিনী লৈ আহিছোঁ। যদি পাঠকসকলে তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰিব খোজে তেন্তে অনুগ্ৰহ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰক। এডমিন]
ৰাধিকা: যোৰহাটত চাইকেল চলায় আৰু পৰম্পৰা ভংগ কৰে।
ৰাধিকাই যোৱা কিছুদিন ধৰি অসমৰ যোৰহাটত চাইকেল চলাই ফুৰিছে। তেওঁ সম্ভৱতঃ যোৰহাটৰ প্ৰথমগৰাকী চাইকেল লৈ শাক- পাচলি বিক্ৰী কৰা বিক্ৰেতা। ক'ভিড ১৯ মহামাৰী আৰু লকডাওন তেওঁৰ বাবে নিষ্ঠুৰ বুলি প্ৰমাণিত হ'ল। 'মোৰ কোনো উপায় নাই। এই সময়ত মোক সমৰ্থন কৰিবলৈ কোনো নাই। মই ওলাই আহি এই কাম কৰিবই লাগিব', ৰাধিকাই কয়। তেওঁ ৪৫ বছৰ বয়সীয়া আৰু ৫ জন সন্তানৰ মাতৃ। ৰাধিকা তেওঁৰ অসুখীয়া পুত্ৰৰ লগত থাকে আৰু নিজৰ তাকৰীয়া উপাৰ্জনেৰে সকলো চলাই আছে। ৰাধিকাৰ দ্বিতীয় পুত্ৰ, তেওঁৰ পত্নী আৰু পুত্ৰ তেওঁৰ লগত থাকে। ৰাধিকাই তেওঁলোকক পোহপাল দি আছে। 'মোৰ ল' ৰাটো অসুখীয়া আৰু এনে অৱস্থাত মই তাক কাম কৰিবলৈ দিব নোৱাৰোঁ। তাৰ অসুখ হৈ থাকে। সেইবাবে মোৰ ওপৰত বেছিকৈ উপাৰ্জন কৰাৰ চাপ পৰিছে', ৰাধিকাই নিজৰ নিৰাপত্তাহীন উপাৰ্জনৰ পৰিস্থিতিৰ বৰ্ণনা দিয়ে।
লকডাওনৰ সময়ত, কিছুসংখ্যক লোকে ৰাধিকাক শাক-পাচলি আৰু ৩০০ টকা দি সহায় কৰিছিল। চৰকাৰেও তেওঁক কিছুমান খাদ্যবস্তু যেনে চাউল, দাইল, তেল, নিমখ আদি দিছিল। এই ব্যৱস্থা যথেষ্ট হোৱাৰ পৰা বহুত দূৰত। ৰাধিকাই বুজি পালে যে আহি থকা দিনবোৰ আৰু কঠিন হ'ব। তেওঁৰ এখন সৰু শাক-পাচলিৰ দোকান আছে। তৎ স্বত্তেও, তেওঁৰ এদিনত দুসাজ আহাৰ যোগাৰ কৰাৰ সমস্যা এতিয়াও প্ৰত্যাহ্বান ৰূপেই আছে। আৰক্ষীয়ে তেওঁক দোকান খুলিবলৈ অনুমতি নিদিয়ে। কোনো উপায় নাপাই ৰাধিকাই তেওঁৰ সমীপৱৰ্তী অঞ্চলত কিছু শাক-পাচলি বিক্ৰী কৰি ৬০০ টকা সংগ্ৰহ কৰি এখন ব্যৱহৃত চাইকেল কিনিলে। চাইকেলখন মেৰামতি কৰাত আৰু ৩৫০ টকা খৰচ হ'ল। যেতিয়া চাইকেলখন চলাব পৰা হৈ গ'ল তেতিয়া ৰাধিকাৰ মনত নতুন আশা জাগি উঠিল। তেওঁ চাইকেলখনত শাক-পাচলিৰ ভাৰ বান্ধিলে আৰু ওচৰৰ অঞ্চলত বিক্ৰী কৰা আৰম্ভ কৰিলে। চাইকেলখনে তেওঁক তেওঁৰ প্ৰয়োজনীয় গতিশীলতা প্ৰদান কৰিলে।
'এই চাইকেলখনেৰে মই ওচৰৰ গাঁওবিলাকলৈ যাওঁ আৰু পাচলি বিক্ৰী কৰোঁ।' তেওঁৰ বাবে ওজন জোখা যন্ত্ৰটো অতি প্ৰয়োজনীয় হৈ পৰিছিল। লকডাওনৰ সময়ত হোৱা ভাল বিক্ৰীয়ে তেওঁক কিছু টকা সঞ্চয় কৰাত সহায় কৰিলে আৰু তেওঁ ৬০০ টকা দি এটা ওজন জোখা যন্ত্ৰ কিনিলে। তেওঁ নিজৰ সঞ্চিত টকাৰে পাচলি কঢ়িয়াবৰ বাবে দুটা বাস্কেট কিনিলে। বাস্কেট দুটা চাইকেলখনত বান্ধি লোৱা হ'ল আৰু ই অলপ বেছি ওজনৰ পাচলি কঢ়িয়াবলৈ সুবিধাজনক বুলি প্ৰমাণিত হ'ল। 'কেইদিনমানৰ পৰা মই অসুস্থ হৈ আছোঁ আৰু ঔষধ খাই আছোঁ। মোৰ এক ভয়ানক অতীত আছে আৰু মোৰ যেতিয়া খং উঠে তেতিয়া মই বুকুত ভুকুৱাইছিলোঁ। এতিয়া মোৰ বুকুৰ বিষ। মই হস্পিটেললৈ গ'লোঁ আৰু কফ পৰীক্ষা কৰালোঁ। সকলো ঠিকেই আছে। কিন্তু তথাপিও মই কাম কৰিবলৈ বহুত কষ্ট পাইছোঁ। মই চাইকেল চলোৱাত বৰ ভাল নহয়', ৰাধিকাই কয়।
ৰাধিকাৰ ৫ জন সন্তান আছে: ৩ জন পুত্ৰ আৰু দুগৰাকী কন্যা। বৰ্তমান তেওঁৰ ডাঙৰ ল'ৰাজন বিহাৰত থাকে আৰু তেওঁক সহায় নকৰে। ডাঙৰ ল 'ৰাজন বিবাহিত, তিনিটা সন্তানৰ পিতৃ আৰু চতুৰ্থটো সন্তান অতি শীঘ্ৰেই তেওঁলোকৰ মাজলৈ আহিব। মাজু ল'ৰাজনৰ এজন ল'ৰা আছে আৰু তেওঁৰ পত্নী দ্বিতীয়বাৰৰ বাবে সন্তানসম্ভৱা। তেওঁৰ সৰু পুত্ৰ অবিবাহিত, তেওঁ দিল্লীত কাম কৰি আছে। তেওঁৰ ডাঙৰ জীয়ৰী বিধৱা আৰু তেওঁৰ দুটা সন্তান। সৰু জীয়ৰীও বিবাহিত। তেওঁ দুটা সন্তানৰ সৈতে ওচৰতে থাকে।
ৰাধিকাৰ জীৱনটো বৰ কঠিন আছিল। তেওঁৰ এবছৰ বয়সতে তেওঁৰ মাতৃৰ আন এটা সন্তান জন্ম দিয়াৰ সময়ত মৃত্যু হৈছিল আৰু সেই নৱজাতকৰো মৃত্যু হৈছিল। ৰাধিকাৰ বিহাৰৰ এজন লোকৰ লগত বিয়া হৈছিল। তেওঁলোকৰ মাজত বয়সৰ ব্যৱধান বহুত বেছি আছিল। আৰম্ভণিতে তেওঁৰ পৰিয়াল এই বিয়াৰ প্ৰতি অনিচ্ছুক আছিল কিন্তু শেষত বিয়াখন হ'বলৈ দিয়াৰে সিদ্ধান্ত লয়। তেওঁৰ বিবাহিত জীৱন সুখৰ নাছিল। তেওঁৰ স্বামীয়ে দিন হাজিৰা কৰা বনুৱা হিচাপে কাম কৰে, ঘৰৰ বাবে অলপ চাউল, দাইল কিনে আৰু বাকী থকা টকাৰে জুৱা খেলে। পাঁচটা কেঁচুৱাৰে সৈতে ৭ জনীয়া এটা পৰিয়ালৰ বাবে পেটে-ভাতে খাই থাকিবলৈ প্ৰয়োজনীয় সমলো তেওঁলোকৰ যথেষ্ট নাছিল। ৰাধিকাই তেওঁৰ জীৱনৰ অধিকাংশ সময় আনৰ ঘৰত ঘৰুৱা কাম কৰি পাৰ কৰিছে। এবাৰ তেওঁ ভগ্ন স্বাস্থ্যৰ বাবে তিনি সপ্তাহ চিকিৎসালয়ত থাকিবলগীয়া হৈছিল। তেওঁৰ স্বামীয়ে তেওঁক সমৰ্থন নকৰে। তেওঁ ভাবে যে তেওঁৰ লগতে গোটেই পৰিয়ালটোৱে এজন দায়িত্বজ্ঞানহিন স্বামীৰ বাবে ইমান কষ্ট পাবলগীয়া হ'ল। তেওঁ তেওঁৰ স্বামীক নিজৰ দায়িত্ব বুজাবলৈ চেষ্টা কৰিছিল, কিন্তু ই সম্ভৱ নহ'ল। অৱশেষত তেওঁ নিজৰ সিদ্ধান্ত ল'লে। এদিন তেওঁ ওলাই আহিল আৰু বেলেগকৈ থাকিবলৈ ল'লে। তেওঁৰ সন্তান কেইজন তেওঁৰ লগতে আহিল। এবছৰৰ পিছত সুৰাসক্ত হৈ তেওঁৰ স্বামীৰ মৃত্যু হ'ল। তেওঁৰ স্বামীৰ মৃত্যু হোৱা এতিয়া ৭ বছৰ হৈ গ'ল।
ৰাধিকাই বিচ্ছেদৰ পিছত অকলে নতুন জীৱন আৰম্ভ কৰিলে। তেওঁ ৰাষ্টাৰ কাষত এখন সৰু পান দোকান খুলিলে। পান দোকানৰ উপাৰ্জনেৰে তেওঁ স্থানীয় ন্যায়ালয়ৰ সন্মুখত এখন চাহৰ দোকান খুলিলে। আৰক্ষীয়ে তেওঁক বেলেগ ঠাইলৈ দোকান উঠাই নিবলৈ কয়। তেওঁৰ বাবে দোকানখন বেলেগ ঠাইলৈ উঠাই নিয়াটো বহুত খৰচৰ কথা। সেইবাবে তেওঁ দোকানখন বিক্ৰী কৰি দিলে।
বেংকৰ এটা ধাৰেৰে সৈতে ৰাধিকাৰ পুৰণা পান দোকান খনলৈ উভতি অহাৰ বাহিৰে আন কোনো উপায় নাছিল। তেওঁৰ পুত্ৰৰ অসুখে তেওঁক ধাৰ মাৰিব নোৱাৰাৰ দোষত পেলালে। তেওঁ বেংকৰ কিস্তি দিব নোৱাৰা হ'ল। তেওঁৰ এজন ল'ৰাই বাহিৰত কাম কৰা আৰম্ভ কৰিলে আৰু তেওঁক মাহে ৫০০-১০০০ টকাকৈ দিছিল। জীয়াই থকাৰ বাবে ই যথেষ্ট নাছিল। পান দোকানখনে তেওঁক ৰক্ষা কৰিলে। লাহে লাহে সেইয়াও যথেষ্ট নহয় বুলি প্ৰমাণিত হ'ল। তেতিয়া তেওঁ পাচলিৰ ব্যৱসায়ত হাত দিয়াৰ সিদ্ধান্ত ল'লে।
আজিকালি ৰাধিকাই বহুত ঠাইত পাচলি বিক্ৰী কৰে। 'মই সোণাৰি গাঁও, কাকতি গাঁও, বামুণ গাঁও, সোণালী জয়ন্তী নগৰ আদি ঠাইলৈ গৈছো। গ্ৰহকসকলে মোৰ চেষ্টাক প্ৰশংসা কৰে। মানুহে মোৰ ফটো তুলি ফেচবুকত দিয়ে। মই বহুত উৎসাহ পাওঁ', ৰাধিকাই কয়।
যি কি নহওঁক, ৰাধিকাই লকডাওনৰ সময়ত চৰকাৰৰ পৰা পোৱা সহাঁৰিক লৈ উৎসাহ অনুভৱ নকৰে। ‘মই চৰকাৰৰ পৰা খাদ্য, আৰু শূন্য বেলেঞ্চ একাউণ্টত ৫০০ টকা পোৱাৰ বাহিৰে আৰু বিশেষ একো পোৱা নাই। মই গেছ কিনাৰ বাবেও কোনো সাহায্য পোৱা নাই। গেছ কোম্পানীৰ মানুহে মোক বুজাই দিছিল। কিন্তু মোৰ বেছি পঢ়া-শুনা নথকাৰ বাবে বুজি নাপালোঁ', ৰাধিকাই দুখ প্ৰকাশ কৰে।
ৰাধিকাৰ বেছি পঢ়া-শুনা নাই বাবে তেওঁ বিকলাঙ্গ যেন অনুভৱ কৰে। 'মই অকল মোৰ নামটো লিখিব জানো। মই অতি কম বয়সতে মোৰ মাক হেৰুৱাই মাহী মাৰ লগত ডাঙৰ হৈছোঁ।' ৰাধিকাই অনুভৱ কৰে যে তেওঁৰ মাক জীয়াই থকা হ'লে তেওঁ বৰ্তমানতকৈ ভাল জীৱন এটা পালেহেঁতেন।
ৰাধিকাই বিহাৰৰ এজন অসুখীয়া বয়সস্থ লোকৰ লগত বিয়া হোৱা কথাটো লৈ বহুত পস্তায়। উপাৰ্জনৰ বেছি অংশ তেওঁৰ চিকিৎসাত খৰচ হৈছিল আৰু ঘৰ চলাবলৈ বহুত কম পইছা বাচিছিল। তেওঁ তেওঁৰ ডাঙৰ ছোৱালী জনীৰ বাবে দুখ অনুভৱ কৰে যাৰ বিয়াৰ কিছুবছৰৰ পিছতেই স্বামীৰ মৃত্যু হৈছিল। তেওঁ নিজেই কাম কৰি জীৱন নিৰ্বাহ কৰি আছে।
ৰাধিকাৰ দিল্লীত থকা সৰু ল'ৰাজন লকডাওনৰ বাবে ঘৰলৈ আহিব নোৱাৰিলে। তেওঁ গৃহ নিৰ্মাণৰ কাম বন্ধ হৈ যোৱাৰ বাবে চাকৰি হেৰুৱাই আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। ৰাধিকাই তেওঁক আৰ্থিকভাৱে সহায় কৰিব পৰা নাই। তেওঁৰ সৰু ছোৱালীজনীয়ে কাম কৰি ১৫০০ টকা ভায়েকলৈ পঠিয়াইছে। ঘৰলৈ আহিলে কুৱাৰেণ্টাইন কৰিব বুলি তেওঁ ভয় খাই আছে। সেইবাবে তেওঁ দিল্লীতে থাকি লকডাওন খোলাৰ অপেক্ষা কৰাৰ সিদ্ধান্ত লয়।
ৰাধিকাই ভগৱানৰ লগতে তেওঁৰ চাইকেলখনৰ ওপৰত বিশ্বাস কৰে। 'যদি ভগৱানে আশীৰ্বাদ কৰে, যদি মই দোকানত কিছু ভাল বস্তু ৰাখিব পাৰোঁ, তেন্তে মোৰ ব্যৱসায় আগবাঢ়িব। মই ব্যৱসায় চলাবৰ বাবে ভাল ঠাই এডোখৰ পালে ভাল হ'ব। চাইকেলখনতকৈ ভাল বাহন এখন পালেও ভাল হ'ব,' ভৱিষ্যতৰ বাবে ৰাধিকাৰ চিন্তা।
চাইকেল চলোৱাটো ৰাধিকাৰ বাবে সুবিধাজনক নহয়। তেওঁ অসুবিধা পায় আৰু যোৱা কেই সপ্তহমানৰ ভিতৰতে তেওঁ তিনিবাৰ পৰিছে। তেওঁৰ ব্যৱসায় চলাই নিয়াৰ বাবে এখন তিনিচকীয়া বাহন সুবিধাজনক হ'ব। তথাপিও তেওঁ চাইকেল চলাই থাকে আৰু আহিবলগীয়া ভাল দিনৰ সপোন দেখে। ভাল পাচলি বিক্ৰী কৰা, নিজৰ পৰিয়ালক ভাল খাদ্য খাবলৈ দিয়া আৰু তেওঁলোকৰ মুখলৈ হাঁহি অনাৰ সপোনে তেওঁক ব্যস্ত কৰি ৰাখে।